বন্যহস্তী নহয়,এইবাৰ নুমলীগড়ত বনৰীয়া গাহৰিৰ সন্ত্ৰাস : মহিলা সহ আহত ৬ জন:

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ ডিচেম্বৰ: নুমলীগড়ৰ লেটেকু চাপৰিত বনৰীয়া গাহৰিৰ সন্ত্ৰাস। জাক জাক বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ সমান্তৰালভাৱে এইবাৰ সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰিছে বনৰীয়া গাহৰিয়েও । নিশা হঠাৎ এটা প্ৰকাণ্ড বনৰীয়া গাহৰি ওলাই আহি অঞ্চলটোৰ কৰিম আলী, কমিৰ আলী, সবজান বেগম,ভাইটি কুৰ্মী আৰু গকুল গগৈ নামৰ ব্যক্তিকেইজনক অতৰ্কিতে আক্ৰমণ কৰে । গাহৰিৰ আক্ৰমণত ছয়জন লোক আহত হয় । তেওঁলোকক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰি চিকিৎসা প্ৰদান কৰা হয় । বনৰীয়া গাহৰিৰ এই অতৰ্কিত আক্ৰমণত আহত সকলৰ মাজৰে এজনৰ অৱস্থা বৰ্তমান অতিকে সংকটজনক । ইফালে, ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰা আক্ৰমণকাৰী এই বনৰীয়া গাহৰিটোকো ৰাইজে আক্ৰমণ কৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈ পৰা এই বনৰীয়া গাহৰিটো বৰ্তমানলৈকে এটা নলাত সোমাই থকা পৰিলক্ষিত হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *