অসম গণ পৰিষদক নিৰ্লজ্জ আখ্যা “যুৱ সাংবাদিক সন্থাৰ

শব্দৰ অভাৱত “যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰেছ বিবৃত্তিকে হুবহু নকল। সৰ্বত্ৰে সাংবাদিক সমাজৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ ডিচেম্বৰ : যুৱ সাংবাদিক সকলৰ নেৰ্তৃত্বত গঠিত হোৱা ৰাজ্যৰ এটা অগ্ৰণী সাংবাদিক সংগঠন যুৱ সাংবাদিক সন্থা ,অসমে আগন্তক ২০২০ বৰ্ষৰ ৯ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ লোৱা সংগঠনটোৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিবসৰ আৰু বিশেষ সম্বৰ্ধণা অনুষ্ঠানটোৰ সন্দৰ্ভত সংবাদ মাধ্যমলৈ একোখন প্ৰেছ বিবৃত্তি মুকলি কৰি দিছিল ৷ কিন্তু উক্ত প্ৰেছ বিবৃত্তিটোকে অসম গণ পৰিষদে হুবহু নকল কৰি ছ’চিয়েল মেডিয়াত কালি অসম গণ পৰিষদৰ ব্যক্তিগত ফেচবুক পেজত এৰি দিয়ে ৷ এই বিষয়টো যুৱ সাংবাদিক সন্থা ,অসমৰ নেতৃবৰ্গৰ দৃষ্টিগোচৰ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জ্ঞান নেথাকিলে ৰাজনীতি কৰিব নেলাগে ,কিন্তু আনৰ সৃষ্টিৰাজি শব্দভাণ্ডাৰক হুবহু নকল কৰিব নেলাগে ৷ লগতে যুৱ সাংবাদিক সন্থা ,অসমৰ নেতৃবৰ্গই এইটো সকীয়নি প্ৰদান কৰি কয় যে -“যুৱ সাংবাদিক সন্থা ,অসমৰ যিকোনো সৃষ্টিৰাজিক যদি কোনো দুষ্ট চক্ৰই অনুমতি অবিহনে হুবহু নকল কৰে তেন্তে প্ৰয়োজনত সংগঠনটোৱ আইনৰো কাষ চাপিবলৈ বাধ্য হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *