কেবৰ বিৰুদ্ধে গান্ধীজীৰ ফটো বুকুত সাৱটি কলিয়াবৰৰ কুঁৱৰীটোলত এজন ব্যক্তিয়ে একক ভাবে কৰিলে প্ৰতিবাদ

কাজিৰঙা লাইভ, কলিয়াবৰ, ২ ডিচেম্বৰ: আজি অসম দিৱস। অসম দিৱসৰ এই পবিত্ৰ দিনটোতে কলিয়াবৰত এজন সচেতন নাগৰিকে ৰাজপথৰ কাষত বহি কৰিলে এক অভিনৱ প্ৰতিবাদ । বুকুৰ মাজত গান্ধীজীৰ ফটো সাৱতি লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, বদনৰ কলংকৰ পৰা কলিয়াবৰক উদ্ধাৰ কৰা , অসম চুক্তি বাহাল ৰখাৰ আৰু সকলো দল সংগঠনেই কেবৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই অহাৰ আহ্বান কৰি প্ৰদীপ বৰুৱা নামৰ ব্যক্তি জনে একক ভাবে কৰিলে প্ৰতিবাদ । ব্যক্তি জনৰ একক ভাবে কৰা এনে ব্যতিক্ৰমী প্ৰতিবাদে ৰাজপথেৰে যাতায়ত কৰা যাত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *