কাৰাগাৰলৈ প্ৰেৰণ টেংকাৰ আৰু গৰু চুৰিত অভিযুক্ত মজিবুৰ সহ সাত জনক।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ ডিচেম্বৰ: আজি জখলাবন্ধা আৰক্ষীয়ে কাৰাগৰলৈ প্ৰেৰণ কৰে কলিয়াবৰৰ বাগৰিৰ পৰা দুখন টেংকাৰ আৰু গৰু গাড়ী চুৰিত জড়িত সাত জনক। যোৱা ১৯ নৱেম্বৰত কলিয়াবৰ মহকুমাৰ বাগৰিৰ পৰা চুৰি হোৱা AS 23 CE 0711 নম্বৰৰ ট্ৰাকসহ ২৬ টা গৰুৰসহ এখন ট্ৰাক আৰু দুখন তেল ভৰ্তি টেংকাৰ চুৰি অভিযোগত আটক কৰিছিল এসময়ৰ দুধৰ্ষ চোৰাং চিকাৰী মজিবুৰ ৰহমানৰ লগতে আব্দুল কাদিৰ, চুৰাব আলি, আলি হুছেইন, আব্দুল জলিল, জামলউদ্দিন আৰু কাচেম আলিক। ২৯ নৱেম্বৰত কলিয়াবৰ ন্যায়ালয়ত হাজিৰ কৰোৱাৰ পাছত দুদিনৰ জিম্মাত লৈ সোধা পোছা অব্যাহত ৰাখিছিল জখলাবন্ধা আৰক্ষীয়ে। আজি জিম্মাৰ সময় উকলাত নগাঁও কাৰাগৰলৈ প্ৰেৰণ কৰে মজিবুৰ সহ সাতজন অভিযুক্তক। আনহাতে, গৰু চুৰি ঘটনাৰ তদন্তত আৰক্ষীয়ে গাফিলতি কৰাৰ লগতে লেহেমীয়া গতিত তদন্ত চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কাজিৰঙাৰ যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ মতে, মজিবুৰে সংঘটিত কৰা গৰু চুৰি কাৰ্যত জড়িত আছে কাজিৰঙাৰ এখন বিলাসী অতিথিশালাৰ একাংশ কৰ্মচাৰীৰ লগতে কাজিৰঙাৰ এখন ফাৰ্মৰ মালিক আৰু কৰ্মচাৰী। উক্ত ঘটনাৰ কথা নগাঁও আৰক্ষী অৱগত হোৱাৰ পাছতো কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপিত কৰিছে যুৱ ছাত্ৰ পৰিষদে। লগতে যুৱ ছাত্ৰ পৰিষদে জনোৱা মতে, এজন প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ লগত মজিবুৰ নামৰ গৰু চুৰি কাৰ্য্যত লিপ্ত লোকজন ঘনিষ্ঠ হোৱাৰ বাবে আৰক্ষীয়ে শামুকীয়া গতিৰে তদন্ত কৰাৰ লগতে গুৰুত্ব সহকাৰে তদন্ত নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। ইফালে ৰাজনৈতিক নেতাৰ হেঁচাৰ বাবে আৰক্ষীয়ে নিকা তদন্ত কৰিব পৰা নাই বুলি কয় যুৱ ছাত্ৰ পৰিষদে। কাজিৰঙাৰ নাম কলংকিত কৰা গৰু চুৰি লগত জড়িত অতিথিশালাটোৰ লগতে ফাৰ্ম খনৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে ঘটনা সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ নিকা তদন্তৰ দাবী জনাই যুৱ ছাত্ৰ পৰিষদে।

Leave a Reply

Your email address will not be published. Required fields are marked *