কলিয়াবৰত পথ দুৰ্ঘটনা। প্ৰকাণ্ড গছত খুন্দা তীব্ৰ বেগী ট্ৰাকৰ

কাজিৰঙা লাইভ, কলিয়াবৰ, ১ ডিচেম্বৰ: কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ প্ৰকাণ্ড গছত খুন্দা তীব্ৰ বেগী ট্ৰাকৰ ৷ দুৰ্ঘটনাটোত আহত ট্ৰাক খনৰ চালক আৰু হেন্দিমেন। AS 01 DC 2537 নম্বৰৰ ট্ৰাক খনে তীব্ৰ বেগত কুঁৱৰীটোলস্থিত চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ সন্মুখত থকা প্ৰকাণ্ড গছ এজোপাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷দুৰ্ঘটনাটোত ট্ৰাক খনৰ সন্মুখৰ ভাগ চেপেটা হৈ পৰে । স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত ট্ৰাকৰ ভিতৰত মৃত্যুৰ সৈতে যুঁজ দি থকা চালক আৰু হেন্দিমেন জনক উলিয়াই ১০৮ ৰ সেৱাৰ জড়িয়তে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দুৰ্ঘটনাটোত আহত হেন্দিমেন জনৰ অৱস্থা অতি সংকট জনক বুলি জানিব পৰা গৈছে । যোৰহাটৰ পৰা নগাঁও অভিমুখী আছিল ট্ৰাক খন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *