কাজিৰঙা বন বিভাগৰ কাৰ্যালয়ত মাছৰ উজান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ ডিচেম্বৰ: কাজিৰঙাৰ বন বিভাগৰ কাৰ্যালয়ৰ চোতালত মাছ ৷ ৰৌ, বাহু, চিতল, মিৰিকা, কলিয়াজৰাকে আদি কৰি প্ৰায় এক কুইণ্টল মাছ বস্তাৰ পৰা ওলিয়াইছে বনকৰ্মীয়ে ৷ কিন্তু ইয়াৰ পাছৰ দৃশ্য দেখিলে সকলোৰে চকু কপালত উঠিব ৷ কাৰণ মাছখিনি এটা গাঁতত পেলাই পুতি পেলোৱা হৈছে ৷ আচলতে এই বিলাক মৎস্য চিকাৰীৰ পৰা উদ্ধাৰ কৰা মাছ ৷ শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত মৎস্য চিকাৰৰ বাবে এটা দল সোমোৱা বুলি খবৰ পাই উদ্যান কৰ্তৃপক্ষই ৷ খবৰ পোৱাৰ পাছতে বনকৰ্মীয়ে অভিযান আৰম্ভ কৰে ৷ বনকৰ্মীৰ অভিযানৰ খবৰ পাই মিহিবিলত মাছ মাৰি থকা চিকাৰীৰ দলটোৱে মাছ সহ পলায়ন কৰে ৷ কিন্তু বনকৰ্মীয়ে তৎপৰতাৰে কহঁৰা বনাঞ্চলৰ মিহিমুখৰ সমিপৰ এঘৰত তালাচি চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ মাছ ৷ অৱশ্যে তাৰ আগতে ঘৰৰ গৰাকী পলাই যাবলৈ সক্ষম হয় ৷ বন বিভাগে জব্দ কৰে মাছ খিনি ৷ পাছত বিভাগীয় নিয়ম অনুসৰি বনবিভাগৰ কাৰ্যালয়ৰ চৌহদত মাছ খিনি পুতি পেলোৱা হয় ৷ পলাতক মৎস্য চিকাৰীৰ দলটোৰ সন্ধানত বনবিভাগে অভিযান চলাই আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *