প্ৰবক্তা শংকৰ চৌধুৰীৰ অৱসৰ গ্ৰহন, একেদিনাই পেঞ্চনৰ নথি প্ৰদান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০নবেম্বৰঃ বোকাখাতৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জে,ডি,এছ, জি মহাবিদ্যালয়ৰ বানিজ্য বিভাগ ৰ অধ্যাপক শংকৰ লাল চৌধুৰীয়ে আজি অৱসৰ গ্ৰহন কৰে। ১৯৮৬ চনত প্ৰৱক্তা ৰূপে যোগদান কৰা চৌধুৰীয়ে ৩৩ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহন কৰে। আজি মহাবিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাবে বিদায় জনায় প্ৰৱক্তা গৰাকীক। পুথিভঁৰাল শাখা, কাৰ্য্যালয় শাখা, বানিজ্য বিভাগ তথা মহাবিদ্যালয় কৰ্তৃপক্ষই বিদায় জনোৱা লগতে তৎপৰতাৰে পেঞ্চনৰ নথি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *