প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৩ ঘন্টীয়া ধৰ্ণা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ নবেম্বৰঃ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালনাত আজি বোকাখাত পশ্চিম শিক্ষা খণ্ডৰ কাৰ্যালয় চৌহদত পুৱা ১০ বজাৰ পৰা বিয়লি ১ বজালৈ ৰাষ্ট্ৰজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। পুৰণি পেঞ্চন নীতি বাহাল ৰখা, ইউনিফর্মৰ ধন খৰচৰ আদেশ দিয়া, প্ৰধান শিক্ষক, স্নাতক শিক্ষকক গ্ৰেড পে দিয়া, সকলো ঠিকা ভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকক নিয়মীয়াকৈ নিযুক্তি দিয়া, বেচৰকাৰী প্ৰাথমিক বিদ্যালয় চৰকাৰী কৰা আদি ১০ দফীয়া দাবী তোলা হয়। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি তথা ৰাষ্ট্ৰীয় সম্পাদক জীবন চন্দ্র বৰাই এই সন্দৰ্ভত বহলাই ব্যাখ্যা কৰে। মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি লক্ষ বৰিকে ধৰি বহু নেতা আজি উপস্থিত থাকে। শেষত দণ্ডাধীশৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *