কাজিৰঙাৰ বহুকেইজন জড়িত গৰু গাড়ী চুৰ মজিবুৰৰ সৈতে।

গৰু চুৰ কৰি ৰাখে কাজিৰঙাৰ অতিথিশালাৰ লগতে ফাৰ্মত ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ নৱেম্বৰ: যোৱা ১৯ নৱেম্বৰত কলিয়াবৰ মহকুমাৰ বাগৰিৰ পৰা চুৰি হোৱা AS 23 CE 0711 নম্বৰৰ ট্ৰাকসহ ২৬ টা গৰুৰ চুৰি কাৰ্যত জড়িত কুঠৰিৰ মজিবুৰ ৰহমান সহ আন দুজনক আটক কৰাৰ পাছতেই পোহৰলৈ আহিছে ন ন তথ্য। ২৮ নৱেম্বৰত নগাঁও আৰক্ষীয়ে দুখন তেল টেংকাৰ আৰু এখন গৰু ভৰ্তি ট্ৰাক চুৰি কৰাৰ অভিযোগত মজিবুৰ সহ সাত জন লোকক আটক কৰিছিল। আটক হোৱা লোক কেইজনক জখলাবন্ধা আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। ইফালে “কাজিৰঙা লাইভ” ৰ হাতত আহি পৰিছে আন এক চাঞ্চল্যকৰ তথ্য। তথ্য মতে, যোৱা ১৯ নৱেম্বৰত বাগৰিৰ পৰা চুৰি হোৱা গৰু ভৰ্তি ট্ৰাক খন মাজনিশা পৰ্যন্ত ৰখা হৈছিল কাজিৰঙাৰ এখন বিলাসী অতিথিশালাত। সূত্ৰ মতে, গৰু চুৰিৰ লগত জড়িত মজিবুৰৰ ৰহমানৰ সঘন আহ জাহ আছিল উক্ত অতিথিশালাটোলৈ। আনহাতে, পৰৱৰ্তী দিনা মাজনিশা উক্ত অতিথিশালাটোৰ পৰা ২৬ টা গৰুসহ ট্ৰাক খন নিয়া হয় কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত কাজিৰঙাৰ এখন ফাৰ্মলৈ। উক্ত ফাৰ্মখনৰ পৰাই গৰু কেইটা আন এখন গাড়ীত উঠাই নি বিক্ৰী কৰেগৈ মজিবুৰ আৰু তেওঁৰ সহযোগী কেইজনে। ইয়াৰ পাছত চোৰাং চক্ৰটোৱে চুৰি কৰি অনা ট্ৰাকখন এৰি থৈ আহে গেলেকীত। তথ্য মতে, উক্ত গৰু চুৰ চক্ৰটোৰ সতে জড়িত আছে কাজিৰঙাৰ কেইবাজনো নামি দামী লোক। নগাঁও আৰক্ষীয়ে সঠিক ৰূপত নিৰপেক্ষভাৱে ঘটনা সন্দৰ্ভত ব্যাপকভাৱে জোৰদাৰ তদন্ত কৰিলে কাজিৰঙা লাইভৰ হাতত আহি পৰা তথ্যৰ সত্য – সত্যতাৰ নিৰ্ভূল প্ৰমাণ হোৱাৰ লগতে কাজিৰঙাৰ বহুকেইটা গৰু-চোৰ চক্ৰৰ ৰৌ – বৰালি জালত পৰিব সেইয়া নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *