কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ তৎপৰতাত বুঢ়াপাহাৰত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ নৱেম্বৰ: কাৰ্বিআংলঙত অবাধে চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ পাহাৰীয়া জিলাখনৰ বনবিভাগৰ চকুৰ আগেয়ে অবৈধ ভাৱে দৈনিক সৰবৰাহ হৈছে মূল্যবান কাঠ ৷শুকুৰবাৰে পুৱা কাৰ্বিআংলঙৰ মাণ্ডু গাঁৱৰ দিশৰ পৰা কাঠৰ কুণ্ডা কঢ়িয়াই অনা দুখন মিনিট্ৰাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ তৎপৰতাত ধৰা পৰে ৷ শুকুৰবাৰে পুৱা কাৰ্বিআংলঙৰ পৰা কাঠ কঢ়িয়াই অনা AS 02 CC 1610 আৰু AS 01 GC নম্বৰৰ দুখন মিনিট্ৰাক দৃষ্টিগোচৰ হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ ৷ট্ৰাক দুখনক কাঞ্চনজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ৰ’বৰ বাবে লগত থকা বনকৰ্মীয়ে নিৰ্দেশ দিয়ে যদিও নিৰ্দেশ অমান্য কৰি ট্ৰাক দুখনে পলায়ন কৰে ৷ পিছত সঞ্চালকৰ খবৰৰ ভিত্তিত বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনকৰ্মীয়ে কৌশলেৰে ট্ৰাক সহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ৷ ট্ৰাক দুখনৰ পৰা উদ্ধাৰ হয় ২৪ টা মাকৰী শালৰ কুণ্ডা ৷ বাহন দুখনৰ পৰা আটক কৰা লোক কেইজন মন্তু ঘাটোৱাল, কেশৱ দাস, আজাজ আলি আৰু নাজৰুল চেইখ ৷বন বিভাগে উদ্ধাৰ হোৱা কাঠ খিনি জব্দ কৰাৰ লগতে ধৃত লোক কেইজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত লোক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বনবিভাগৰ পৰা জানিব পৰা মতে কাৰ্বি পাহাৰৰ পৰা এনেদৰে নিয়া কাঠবিলাক কিছুমান অবৈধ কাঠৰ মিলত যোগান দি আহিছে একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে ৷ আনহাতে, জানিব পৰা মতে চোৰাং ব্যৱসায়ী চক্ৰটোৱে তেওঁলোকক ৰখিবলৈ নিৰ্দেশ দিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ বাহন খনকো মহতিয়াই যাবলৈ চেষ্টা চলাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *