মৰঙীৰ মুৰফুলানীৰ অসমী হাইস্কুলত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ স্বচ্ছ ভাৰত অভিযানঃ

কাজিৰঙা লাইভ, মৰঙী ২৯ নৱেম্বৰঃ গোলাঘাট জিলাৰ মৰঙীৰ মুৰফুলানীৰ অসমী হাইস্কুলত আজি ব্যতিক্ৰমী ৰূপত ছাত্ৰ-ছাত্ৰী সকলক দেখা পোৱা গ’ল। মুৰফুলানী গাওঁ পঞ্চায়তৰ পঞ্চায়ত সভাপতি চন্দন কাকতিৰ উদ্যোগত মুৰফুলানীৰ অসমী হাই স্কুলত বিদ্যালয় খনৰ শিক্ষাগুৰু, ছাত্ৰ- ছাত্ৰীৰ পূৰ্ণ সহযোগিতাত স্বচ্ছতাৰ এক সুন্দৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। সুস্থ পৰিবেশে কেনেদৰে অধ্যয়নত সহায় কৰে সেই সন্দৰ্ভত পঞ্চায়ত সভাপতি জনে ছাত্ৰ-ছাত্ৰী সকল অৱগত কৰে। পঞ্চায়ত সভাপতিজনৰ এই পদক্ষেপক বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰমা ভূঞাৰ লগতে সমূহ শিক্ষাগুৰু, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *