সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্বৰ্দ্ধনা অনুষ্ঠান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ নবেম্বৰ : সন্ধানী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি নিজা ভবনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্রীয় সভানেত্রী আভা বৰা(নগাৱ), প্ৰধান সম্পাদিকা দৰ্পনা বৰানেওগ (গুৱাহাটী) ক সম্বৰ্দ্ধনা জনোৱা হয়। মানপত্র, শৰাই, গামোচা, গ্ৰন্থৰ টোপোলা আদিৰে দুয়ো গৰাকীকে সম্বৰ্দ্ধনা জনোৱা হয়। সন্ধানীৰ সভানেত্রী পুতলী খাওন্দৰ সঞ্চালনাত হোৱা সভাত সাহিত্য একাডেমী বঁটা প্ৰাপক চন্দনা গোস্বামীৰ” পাটকাই সিপাৰে মোৰ দেশ” গ্ৰন্থৰ ওপৰত আলোকপাত কৰে জে,ডি,এছ,জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° বিভা বৰাই। উপদেষ্টা অন্নদা শইকীয়াই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত মনোৰঞ্জন সেন, কল্পনা চেতিয়া, দীপা বৰুৱা, নীলিমা বৰা আদিয়ে অংশ গ্রহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *