গৰু চুৰি, ডকাইতিত জড়িত মজিবুৰ ৰহমান। কাজিৰঙাৰ গেলেকিত উদ্ধাৰ খালী ট্ৰাক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ নৱেম্বৰ: এসময়ৰ দুধৰ্ষ চোৰাং চিকাৰী সম্প্ৰতি নামি পৰিছে তেলৰ টেংকাৰ চুৰিৰ লগতে গৰু সহ গাড়ী চুৰিৰ দৰে জঘন্য দুস্কাৰ্যত । দুখনকৈ তেল ভৰ্ত্তি টেংকাৰ চুৰি কৰি তেল বিক্ৰী কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে জখলাবন্ধা থানা এলেকাৰ বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কুঠৰীৰ পৰা আটক কৰা এসময়ৰ দুধৰ্ষ চোৰাং চিকাৰী মজিবুৰ ৰহমান আৰু দুজন সহযোগী ক্ৰমে আব্দুল জলিল আৰু কাচেম আলি জড়িত গৰু চুৰি আৰু ডকাইতি কাণ্ডত। উল্লেখ যে, কিছু দিন পূৰ্বে বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত হাৰমতিৰ পৰা ২৬ টা গৰু সহ এখন ট্ৰাক ডকাইতি কৰি নিছিল মজিবুৰ ৰহমান আৰু সহিযোগী কেইজনে। গৰু কেইটা বিক্ৰী কৰি মজিবুৰে ট্ৰাক খন এৰি থৈ আহিছিল কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত গেলেকিত। পৰৱৰ্তী সময়ত বাগৰি আৰক্ষীয়ে গেলেকিৰ পৰা খালী ট্ৰাক খন উদ্ধাৰ কৰে। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জখলাবন্ধা আৰক্ষী থানৰ গোচৰ নং 139/19, U/S 392 ভিত্তিত তদন্ত চলাইছে আৰক্ষীয়ে। ইতিমধ্যে গৰু চুৰ আৰু ডকাইত মজিবুৰ ৰহমান আৰু সহযোগী কেইজনৰ পৰা আৰক্ষীয়ে ১ লাখ ৭০ হাজাৰ টকা জব্দ কৰা লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *