গোলাঘাটৰ মৰঙীৰ পোৰাবাংলাত আলফা স্বাধীনৰ পতাকা উদ্ধাৰ৷ আপত্তিজনক নথি-পত্ৰৰ সৈতে যুৱক আটকঃ

মৰঙীৰ পৰা ৰন্টু বৰা কাজিৰঙা লাইভ,২৮ নৱেম্বৰঃ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গোলাঘাট মৰঙীৰ পোৰাবাংলা অঞ্চলত। পুৱাই লাগিল হুৱা-দুৱা। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত মৰঙীৰ পোৰাবাংলাত দেখা গ’ল আলফা স্বাধীনৰ পতাকা উত্তোলিত হৈ থকাৰ লগতে ” আলফা স্বাধীন জিন্দাবাদ ” আদি লিখা পোষ্টাৰ। অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হ’ল। আহি উপস্থিত হ’ল গোলাঘাট আৰক্ষী । সন্দেহজনক ভাৱে পাপলু কোৱঁ‌ৰ ওৰফে অসম কোৱঁ‌ৰক আটক কৰি আৰক্ষীয়ে লৈ যায় সোধ-পোছৰ বাবে। তেওঁৰ দোকান আৰু বকিয়ালৰ ঘৰত বহুতো আপত্তিজনক নথি-পত্ৰ আৰক্ষীয়ে জব্দ কৰে।এই সন্দৰ্ভত দিলীপ বৰা নামৰ আন এজনকো আৰক্ষীয়ে আটক কৰে। এই ঘটনাই পোৰাবাংলা তথা মৰঙী অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *