বিশ্বনাথৰ বালিডুবি আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান। গ্ৰেপ্তাৰ দুই কুখ্যাত চোৰাং চিকাৰী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ নৱেম্বৰ: বিশ্বনাথৰ বালিডুবি আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হ’ল দুই কুখ্যাত চোৰাং চিকাৰী ৷এই দুই চোৰাং চিকাৰীৰ হাতৰ পৰা অভিযানত উদ্ধাৰ হয় মেগজিন সহ এটা ৩০৩ ৰাইফল।কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যাৰ বাবে প্ৰবেশ কৰিছিল ধৃত এই চোৰা চিকাৰী দুটা।ধৃত চিকাৰী দুজনৰ নাম ইমৰান আলি আৰু আয়ুব নবী।আয়ুবৰ ঘৰ বিশ্বনাথৰ কমাৰ গাওঁত আৰু ইমৰান নবীৰ ঘৰ জিনজিয়াৰ চিলামাৰী গাওঁত।বৰ্তমানেও অভিযান অব্যাহত আছে কাজিৰঙাৰ ষষ্ঠ সংযোজনত।

Leave a Reply

Your email address will not be published. Required fields are marked *