কাৰ্বি আংলংৰ ডলামৰাত সেনাবাহিনীৰ সামগ্রী বিতৰন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ নবেম্বৰ : কাৰ্বি আংলংৰ ডলামৰাত আজি সেনাবাহিনীৰ অপাৰেচন সদ্ভাবনাৰ অধীনত শিখ ৰেজিমেন্টৰ ৰেডহৰ্ণ ডিভিজনৰ তৰফৰ পৰা মহিলা সকলৰ মাজত বয়ন সামগ্রী বিতৰন কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ডলামৰা, তাৰাপুং আদি অঞ্চলৰ শতাধিক মহিলাক তাঁতশাল, বয়ন সামগ্রী বিতৰন কৰা হয়। অপাৰেচন সদ্ভাবনাৰ অধীনত শিখ ৰেজিমেন্টৰ ৰেডহৰ্ণ ডিভিজনৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল হিমাংশু থাপা উপস্থিত থাকি কয় যে, পাহাৰীয়া জিলা খনৰ মহিলাক আগবঢ়াই নিয়া বাবে এয়া কৰা হৈছে। ইতিমধ্যে দেইথৰত ছাত্র ছাত্ৰীৰ মাজত কিতাপ বিতৰন কৰা হৈছে। সমাজকৰ্মী ডেনিয়েল তেৰাঙে আঁত ধৰা সভাত বিশিষ্টা মহিলা লুচিয়া ৰংফাৰপী, গাওঁবুঢ়া বলোৰাম তেৰাঙ, মাৰ্টিনচন তেৰাঙ, সংবাদ মাধ্যমৰ লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *