কাজিৰঙা ধঁপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান। কেইবাখনো দোকানক বিহিলে জৰিমনা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ নৱেম্বৰ: গুটকা , জৰ্দা, ধপাত, চিগাৰেটৰ বিৰুদ্ধে কাজিৰঙাত গোলাঘাট জিলা জনস্বাস্থ্য দণ্ডাধীশৰ অভিযান৷ বুধবাৰে সন্ধিয়া কাজিৰঙাৰ কহঁৰা বজাৰত দণ্ডাধীশ গৰাকীয়ে অতৰ্কিতে অভিযান চলাই কেইবাখনো দোকানৰ পৰা জব্দ কৰে গুটকা জাতীয় সামগ্ৰীৰ লগতে ধঁপাত , চিগাৰেট আদি ৷ উল্লেখ্য যে নবেম্বৰ মাহৰ ৭ তাৰিখে বোকাখাত মহকুমা প্ৰশাসনে কহঁৰাত গুটকা জাতীয় সামগ্ৰী সমূহৰ বিক্ৰী বা সেৱনৰ বাধা আৰোপ কৰি ১৪৪ ধাৰা জাৰি কৰিছিল ৷ তাৰ পাছতো একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰি আহিছিল। দণ্ডাধীশ গৰাকীয়ে জনোৱা মতে শিক্ষা অনুষ্ঠানৰ কাষত গুটকা, চিগাৰেট আদি বিক্ৰী আৰু সেৱনে পৰিবেশ বিনষ্ট কৰাৰ উপৰিও ই আইন বিৰোধী। কাজিৰঙা নেচনেল পার্ক হাইস্কুলৰ পৰা মাত্ৰ এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছে কঁহৰা বজাৰ। সেয়েহে এই অভিযান চলোৱা হৈছে। প্ৰথম অৱস্থাত ২০০ টকা জৰিমনা বিহি দোকানী সকলক সাৱধান কৰি দিয়া হৈছে। পৰৱৰ্তী সময়ত এই সামগ্ৰী বিক্ৰী কৰিলে দহ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *