বিশ্বনাথত চাৰি চোৰাং চিকাৰী আটক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ নৱেম্বৰ: মঙল বাৰে নিশা আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ উৰ্দ্দেশ্যেৰে আহি থকা অৱস্থাত চাৰিটা চোৰাং চিকাৰী আটক হয় ৷ বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে গোপন সূত্ৰৰ আধাৰত মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত আৰক্ষী আৰু বন বিভাগৰ এটা দলে অভিযান চলাই AS12AC5797 নম্বৰৰ এখন টেম্পো ভানত আহি থকা অৱস্থাত বিশ্বনাথৰ বইটামাৰী ৰাংচালী পথৰ পৰা আটক কৰে চোৰাং চিকাৰী চাৰিটাক ৷ আটক কৰা চোৰাং চিকাৰী কেইটাৰ পৰা খাদ্য সামগ্ৰী,কুঠাৰৰ লগতে আপত্তি জনক সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ সূত্ৰ মতে আটকাধীন চোৰাং চিকাৰী কেইটাৰ নাম ,প’চানথাং গাইট ওৰফে থাং (মণিপুৰ), বাবুল দাস ওৰফে দাদু,বিমল বণিয়া ওৰফে বাবু,শোকদেভ মোখিয়া ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ এইটো দ্বিতীয় পৰিকল্পনা বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ৷ যোৱা ৮ নবেম্বৰত গঁড় নিধনৰ পৰিকল্পনা আৰক্ষী আৰু বনবিভাগৰ সতৰ্কতাৰ বাবে বিফল হৈছিল। ইয়াৰে বাবুল দাস আৰু শোকদেভ মোখিয়া ডাগি চোৰাং চিকাৰী হোৱাৰ লগতে বন বিভাগৰ ম’ষ্ট ৱান্টেড তালিকাত আছিল ৷বন বিভাগে আটক কৰা চাৰিজনক বন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *