কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ বঁটা ঘোষণা :

কাজিৰঙা লাইভ , কমাৰগাঁও, ২৭ নৱেম্বৰ: কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই পূৰ্বৰে পৰা প্ৰদান কৰি অহা মুক্তি যোদ্ধা, বিশিষ্ট সমাজকর্মী প্ৰয়াত ডুম্বি কামান সোঁৱৰণী জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা আৰু বিশিষ্ট সাহিত্যিক মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা প্ৰাপকৰ নাম কালি বঁটা নিৰ্বাচন সমিতিৰ নিৰ্বাচিত তালিকাৰ ভিত্তিত সংস্থাৰ এক জৰুৰী কাৰ্যনিৰ্বাহক সভাত ঘোষণা কৰে। গোলাঘাটৰ একালৰ ছাত্ৰ নেতা, তিনি দহকতকৈও অধিক বছৰ সংবাদ ক্ষেত্ৰত জড়িত প্ৰবীন সাংবাদিক, সাংবাদিক পেঞ্চনাৰ দ্বীপেন দত্তক ডুম্বি কামান সোঁৱৰণী জিলা শ্ৰেষ্ঠ সাংবাদিক বঁটা ২০১৯ আৰু বিশিষ্ট সাহিত্যিক, প্ৰবীন সাংবাদিক পৱিত্ৰ বৰবৰাক মহেন্দ্ৰনাথ হাজৰিকা সাহিত্য বঁটা ২০১৯ প্ৰদান কৰক হ’ব বুলি সংস্থাৰ সভাপতি মহেন শইকীয়া আৰু সম্পাদক পৱন কামানে স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি জনাইছে। সম্বৰ্ধনা পত্ৰ, নগদ ধন, বস্ত্ৰ, স্মাৰক সম্বলিত উক্ত দুটা বঁটা অহা ৪ জানুৱাৰীত গোলাঘাট জিলাৰ কমাৰগাঁও অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ সমীপৱৰ্তী অফলাত অনুষ্ঠিত হ’ব লগা এক গাম্ভীৰ্যপূৰ্ণ জনবহুল সভাত প্ৰদান কৰা হ’ব বুলি বিজ্ঞপ্তি উল্লেখ আছে। ইপিনে বঁটা প্ৰদান সভাত ২০১৯ বৰ্ষত সাহিত্য, শিক্ষা আৰু সাংবাদিক ক্ষেত্ৰত জিলাখনৰ কুৰি গৰাকী বঁটা প্ৰাপকক বিশেষ সন্মান, অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হ’ব বুলিও জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *