কমাৰগাঁৱৰ ১০৮ মৃত্যুঞ্জয়ৰ কৰ্মচাৰীৰ অকাল মৃত্যু : শোকৰ ছাঁ

কাজিৰঙা লাইভ, কমাৰগাঁও, ২৬ নৱেম্বৰ: বোকাখাত মহকুমাৰ অন্তৰ্গত কমাৰগাঁও অঞ্চলৰ বৰদিহিঙীয়া গাঁও নিবাসী সৰহবহী যুৱক তথা ১০৮ মৃত্যুঞ্জয় সেৱাৰ কমাৰগাঁও শাখাৰ কৰ্মচাৰী মনোৰঞ্জন কাকতি ( ৪০)য়ে যোৰহাটৰ মেডিকেল কলেজত চিকিৎসাধীন অবস্থাত  আজি দিনৰ প্ৰায় ৩-৩০ বজাত অকাল মৃত্যুক সাবটি লয়। বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওত:পোতভাবে জড়িত সৰহবহী যুৱক জনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কমাৰগাঁৱত শোকৰ ছাঁ পৰে। ইফালে বৰদিহিঙীয়া গাঁৱৰ বাসগৃহত মনোৰঞ্জন কাকতিৰ নশ্বৰ দেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ।মনোৰঞ্জনৰ নশ্বৰ দেহত গুণমুগ্ধ, স্থানীয় দল-সংগঠন, ব্যক্তিয়ে পুষ্পাঞ্জলী অৰ্পন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যু সময়ত মনোৰঞ্জন কাকতিয়ে পত্নী সহিতে এটি দুমহীয়া পুত্ৰ সন্তানৰ লগতে মাতৃক ইহসংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *