পথ নিৰ্মাণৰ দাবীত কাজিৰঙাত মহিলাৰ প্ৰতিবাদ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ নৱেম্বৰ: অসমৰ পৰ্যটন ক্ষেত্ৰৰ আন্ত:গাঠনিৰ প্ৰয়োজন নাই বুলি অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই কৰা মন্তব্যৰ বিপৰীতে পথ মেৰামতিৰ দাবীত পথলৈ ওলাই আহিল কাজিৰঙাৰ বচাগাঁৱৰ মহিলা ৷ জয়ন্ত মল্লৰ মন্তব্যৰ সন্পূৰ্ণ বিৰোধিতা কৰি মহিলা সকলে জয়ন্তমল্লৰ মন্তব্যই সকলোকে মৰ্মাহত কৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অসমৰ গ্ৰামাঞ্চলৰ আন্ত:গাঠনি উন্নয়নৰ কথা চিন্তা নকৰি ত্ৰিশ কোটি টকা ব্যয় কৰি ফ্লিম ফেষ্টিভেল পাতিবলৈ লোৱা চৰকাৰৰ কাৰ্য লজ্জাজনক বুলিও মতপ্ৰকাশ কৰে বচাগাঁৱৰ মহিলা সকলে ৷ তেওঁ লোকৰ দাবী কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকে কেৱল ৰাষ্ট্ৰীয় উদ্যান চাবলৈকে নাহে ৷ অসমৰ গাঁও, কৃষ্টি সংস্কৃতিও চাব বিচাৰে পৰ্যটক সকলে ৷ কিন্তু বৰ্তমান কাজিৰঙাৰ গ্ৰামাঞ্চলৰ বাট পথৰ দুৰৱস্থাৰ পুতৌ লগা ছবিখন হে পৰ্যটকে কঢ়িয়াই নিব লগিযা অৱস্থাৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, কাজিৰঙাৰ বচাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ সংযোগী পথটোৰে যাতায়ত কৰে ছাত্ৰছাত্ৰীৰ লগতে চাৰি পাঁচ খন গা্ৱৰ ৰাইজ ৷ গাঁও খনত থকা পৰ্যটন নিবাসলৈও যাতায়ত কৰে দেশী বিদেশী পৰ্যটকৰ ৷ কিন্তু পথটো মেৰামতি কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহন নকৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে গাঁও খনৰ পুৰুষ মহিলা ৷ অভিযোগ মতে সাংসদ গৌৰৱ গগৈৰ পূৰ্বৰ কাৰ্যকালত পথটো মেৰামতিৰ বাবে পাঁচ লাখ অনুদান আগবঢ়াইছিল যদিও মাত্ৰ শিল বালি পেলায়েই কাম সামৰিলে সংশ্লিষ্ট বিভাগে ৷ আনহাতে স্থানীয় বিধায়কক আৱেদন নিবেদন কৰাৰ পাছতো কোনো সুফল নোপোৱাত পথটো মেৰামতি কৰাৰ দাবীত মহকুমাধিপতিক স্মাৰকপত্ৰ দিবলৈ ওলাই আহিল মহিলা সহ গাঁৱৰ ৰাইজ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *