নগাঁও বন বিভাগৰ বৃহৎ অভিযান৷ জব্দ ৪ লক্ষাধিক মূল্যৰ চোৰাং কাঠ ৷

কাজিৰঙা লাইভ , কলিয়াবৰ, ২৫ নৱেম্বৰ: নগাঁও বন বিভাগে চলোৱা এক বৃহৎ অভিযানত জব্দ হ’ল বাহন সহ চোৰাং কাঠ ৷ নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী লাংখাংত পুৱা বন বিভাগৰ শালনা ৰেঞ্জ, সদৰ ৰেঞ্জ আৰু নগাঁও protection ৰ বন বিভাগৰ এটি সন্মিলিত দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হল দুখনকৈ বাহন সহ ৪ লক্ষাধিক টকা মূল্যৰ চোৰাং মূল্যবান কাঠ। বন বিভাগে জব্দ কৰা বাহন দুখনৰ পঞ্জীয়ন নম্বৰ AS 02 BC 4586 আৰু AS02 A 0209. সম্প্ৰতি জব্দ হোৱা এই চোৰাং কাঠ আৰু বাহন দুখনো বন বিভাগে নিজৰ জিন্মাত লৈ শালনা ৰেঞ্জত আবদ্ধ কৰি ৰাখিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *