পূৰ্বৰ চিকাৰী গাঁও খ্যাত এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ নৱেম্বৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপত হেৰাই যোৱা ঠিকনা ঘূৰাই পালে এখন গাঁৱে ৷ গাঁও খনৰ নাম নতুন ডাংগা ৷ কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দাঁতি কাষৰীয়া নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত নতুন ডাংগা নামৰ গাঁও খনৰ পূৰ্বৰ চিনাকি আছিল চিকাৰী গাঁও হিচাবে । চিকাৰী গাঁৱত আছিল চোৰাং চিকাৰীৰ অবাধ বিচৰণ ৷ কাজিৰঙাত গঁড় নিধন কৰিবলৈ অহা চোৰাং চিকাৰীয়ে একাংশ লোকৰ সহযোগত সংঘটিত কৰি আহিছিল এই দুষ্কাৰ্যৰ ৷ সজাগতাৰ অভাৱৰ লগতে আৰ্থিক অনাটনৰ বাবে গাঁও খনৰ একাংশ লোকে কৰি অহা দুষ্কাৰ্য ৰোধৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহন কৰিছে বিশেষ পদক্ষেপ ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত উদ্যান কৰ্তৃপক্ষই বুঢ়াপাহাৰ বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত খুলি দিছে “চৰান এহেম” নামৰ এখন কাৰ্বি জনগোষ্ঠীয় খাদ্য আৰু সাজপাৰৰ বিপনী৷ বিপনী খনত পুৱাৰ পৰা সন্ধিয়ালৈকে ব্যস্ত হৈ পৰিছে গাঁও খনৰ পুৰুষ মহিলা ৷ আইতা সকলেও তামুলৰ জুতি লৈ বোৱাৰীক দিছে দিহা পৰামৰ্শ ৷ আনহাতে দেশী বিদেশী পৰ্যটকেও জুতি লৈছে কাৰ্বি জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ৷ উল্লেখ্য, যে কাজিৰঙাত চোৰাং চিকাৰৰ লগতে বনধ্বংস ৰোধৰ বাবে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ যোগেদি বনবিভাগে স্থানীয় বাসিন্দাৰ বাবে এইদৰে বহু আঁচনি যুগুত কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *