বোকাখাত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ নৱেম্বৰ: আজি বোকাখাতত প্ৰতিবাদত নামিল বোকাখাত চুতীয়া ছাত্ৰ সন্থা ৷চুতীয়া জাতিৰ চিৰ নমস্য বীৰাঙ্গণা সতী সাধনী দিৱসৰ ৭ বহাগৰ দিনটোক চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্তিৰ সজোৰে এই প্ৰতিবাদথলীতে দাবী তুলিলে আজি চুতীয়া ছাত্ৰ সন্থাই ৷ চুতীয়া জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰো দাবী জনালে সংগঠনটোৱে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ খনৰ তীব্ৰ প্ৰতিবাদত মুখৰ হৈ পৰিল আজিৰ এই প্ৰতিবাদথলী ৷এই সমূহ প্ৰতিবাদত আজি বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ চুতীয়া ছাত্ৰ সন্থাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত পুৰুষ সকলৰ সমানেই চুতীয়া সংগঠনৰ মহিলা সকলেও অংশ গ্ৰহণ কৰি অন্যান্য চৰকাৰী বন্ধৰ তালিকাৰ সৈতে বীৰাঙ্গণা সতী সাধনী দিৱসটিকো চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত নকৰাত আক্ষেপ প্ৰকাশ কৰে ৷ ৭ বহাগৰ দিনটো চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত নকৰিলে চুতীয়া ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ কথাও আজিৰ প্ৰতিবাদস্থলীতে স্পষ্ট কৰি দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *