ৰাষ্ট্ৰীয় সাঁতোৰত জিলিকিছে বোকাখাতৰ জীয়াৰী ভাৱনা গগৈ

কাজিৰঙা লাইভ, বোকাখাত, ২৪ নৱেম্বৰ :
বোকাখাত সন্তান ভাৱনা গগৈয়ে যোৱা ১৭ নবেম্বৰৰ পৰা ২২ নবেম্বৰলৈ দিল্লীৰ তালকাতোৰা ষ্টেডিয়ামৰ ড০ শ্যামাপ্ৰসাদ মুখাৰ্জী সাঁতোৰ প্ৰকল্পত অনুষ্ঠিত ৬৫ তম ৰাষ্ট্ৰীয় স্কুল সাঁতোৰ প্ৰতিযোগিতা, ২০১৯-২০ৰ ১৪ বছৰ অনুৰ্ধ ফ্ৰীষ্টাইল, ৪×১০০ মিটাৰ ৰিলে শাখাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ মেডেল লাভ কৰি বোকাখাত তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে ৷ বোকাখাত খ্ৰীষ্টজ্যোতি স্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰী ভাৱনাই বোকাখাত সাঁতোৰ কেন্দ্ৰত সাঁতোৰৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ৷ ভাৱনাৰ পিতৃ তনয়জ্যোতি গগৈ আৰু মাতৃ মিতালী গগৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *