কলিয়াবৰত বন্যজন্তুৰ আক্ৰমণত নিহত মহিলা

কাজিৰঙা লাইভ, কলিয়াবৰ, ২১ নৱেম্বৰ :
কলিয়াবৰত অঘটন ৷ কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ ঘুৰীয়া চাপৰিত বন্য জন্তুৰ আক্ৰমণত নিহত মহিলা। স্থানীয় লোকে সন্দেহ কৰা মতে বাঘৰ আক্ৰমণত নিহত হৈছে মহিলা গৰাকী। নিহত মহিলা গৰাকীৰ জখলাবন্ধাৰ মুন্নী চাহানী বুলি চিনাক্ত। খৰি আনিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি ল’লে মহিলা গৰাকীয়ে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নিহত মহিলাগৰাকীৰ ছিন্নবিছিন্ন মৃতদেহটো উদ্ধাৰ কৰে যদিও বৰ্তমানলৈকে কি জন্তুৱে আক্ৰমণ কৰিছে সেই কথা পোহৰলৈ অহা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *