কলিয়াবৰত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত প্ৰশাসনৰ উদ্যোগত সজাগতা সভা

কাজিৰঙা লাইভ, কলিয়াবৰ, ২১ নৱেম্বৰ : বন্যহস্তীৰ উপদ্ৰৱৰ পৰা কৃষি ভুমিৰ শস্য ৰক্ষা কৰা আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা হাতী -মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজ তথা দল- সংগঠনৰ লগতে নগাঁও বন বিভাগ আৰু মহকুমা প্ৰশাসনৰ সৈতে হোৱা এই সভাত বনৰীয়া হাতীৰ কৱলৰ পৰা কৃষি ভুমিৰ শস্য ৰক্ষা কৰা আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা হাতী -মানুহৰ সংঘাত কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায় এই সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’য়। মহকুমাধিপতি বিতোপন নেওগ ৰ সঞ্চালনাত অনুষ্ঠিত এই সভা খনত জিলা বন প্ৰাধিকাৰী বিষয়া ৰাজেন চৌধুৰী, ACF দেবেন কলিতা, বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামী, WWF ৰ প্ৰনৱ বৰা, আৰন্যকৰ বিভুতি প্ৰসাদ লহকৰকে ধৰি মহকুমা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে। সভাতে কৃষক ৰাইজৰ মাজত টৰ্চ লাইট বিতৰণ কৰে বন বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *