আধুনিক পদ্ধতিৰ চেলুন আৰু বিউটি পাৰ্লাৰৰ জৰিয়তে স্বাৱলম্বী মৰঙীৰ এজন শিক্ষিত অসমীয়া যুৱক।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ নৱেম্বৰঃ যিটো সময়ত কৰ্মসংস্থাপনৰ বাবে সামান্যতম কেইটামান টকাৰ বাবে অসমৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতী সকলে বহিঃৰাজ্যলৈ যাব লগা হয়, নিজৰ অঞ্চলত কৰ্ম সংস্থাপনৰ পথ দেখা নাপায়, তেনে সময়তে গোলাঘাটৰ মৰঙীৰ এজন যুৱকে চেলুন আৰু বিউটি পাৰ্লাৰ খুলি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ নিদৰ্শন ডাঙি ধৰিছে ৷ গোলাঘাটৰ মৰঙীৰ মুৰফুলনী বাগান গাৱঁ‌ৰ বৰচাপৰি অঞ্চলৰ পিংকু বৰা নামৰ উদীয়মান শিক্ষিত যুৱকজনে নিজৰ গাৱঁ‌তেই নিজা উদ্যোগত আৰম্ভ কৰিছে আধুনিক পদ্ধতিৰ এখন চেলুন আৰু বিউটি পাৰ্লাৰ ৷ উল্লেখ্য, তেওঁ‌ গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণ কৰি আহি এই চেলুন আৰু বিউটি পাৰ্লাৰৰ জৰিয়তে নিজেও স্বাৱলম্বী হোৱাৰ লগতে আনকো অনুপ্ৰেৰণা যোগাইছে। অঞ্চলটিৰ ৰাইজেও তেওঁৰ এই কৰ্মক আদৰণি জনাইছে । এই কৰ্মৰ জৰিয়তে কামৰ যে কোনো সৰু-বৰ বা কোনো সম্প্ৰদায় নাথাকে এয়াই প্ৰমাণ কৰি দেখুৱাইছে মুৰফুলনীৰ পিংকু বৰাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *