কলিয়াবৰত ৰাস মহোৎসৱ। ইছলাম ধৰ্মী যুৱকৰ গোপী নৃত্যই মুহিলে দৰ্শকৰ মন ৷

কাজিৰঙা লাইভ, কলিয়াবৰ, ২১ নৱেম্বৰ: নানা জাতি জনগোষ্ঠী, ভিন্ন ধৰ্মৰ লোকৰ মাজৰ সম্প্ৰতিৰ এনাজৰি সুদৃঢ় কৰি ভেছেলীমাৰী ৰাসলীলা থলীত কেইবাগৰাকী ইছলাম ধৰ্মী যুৱকে পৰিবেশন কৰা গোপী নৃত্যই দৰ্শকক আপ্লুত কৰাই নহয় সমন্বয়ৰ ক্ষেত্ৰলৈ পৰ্যবসিত হোৱাৰ এক বাৰ্তা প্ৰেৰণ কৰিলে কলিয়াবৰত। কলিয়াবৰৰ পশ্চিম অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ বসতি প্ৰধান ভেছেলিমাৰি শংকৰ মন্দিৰ প্ৰাঙ্গনত দক্ষিণ-পশ্চিম হাজাৰ শংকৰ মন্দিৰ ৰাস পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত আৰু স্থানীয় ৰাইজৰ সহযোগত আনুষ্ঠিত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱত কংসৰ অত্যাচাৰ আৰু পাপৰ বোজা সহ্য কৰিব নোৱাৰি ধৰিত্ৰীয়ে দেৱতা সকলক কৰা আৰধনাত ভগৱান বিষ্ণুয়ে কৃষ্ণৰ ৰূপত জন্মলৈ কংশ বধ কৰাৰ লগতে নন্দোৎসৱৰ নান্দনিক নৃত্যৰ পৰা শিশু কৃষ্ণৰ মাখন চুৰিলৈকে গীত-মাতৰে উজনিৰ ৰাসৰ আধাৰত আয়োজন কৰা এই প্ৰথম ৰাস উৎসৱত ধৰ্মীয় ভেদাভেদৰ পাৰ ভাঙি সকলো জাতি-জনগোষ্ঠীৰ যুৱক-যুৱতীৰ লগতে মুছলমান সম্প্ৰদায়ৰ যুৱকেও গোপীৰ ভাৱত নৃত্য পৰিবেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষন কৰে। এই ৰাস উৎসৱৰ জড়িয়তে শংকৰ – আজানৰ দেশত ভেছেলিমাৰিৰ ৰাইজে সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ নিদৰ্শন ডাঙি ধৰিলে । বিপুল শৰ্মা আৰু অচুৎ শইকীয়াৰ পৰিচালনাত প্ৰথমবাৰৰ বাবে আয়োজিত এই সমন্বয়ৰ সেতু গঢ়া ৰাস উৎসৱ উপভোগ কৰিবলৈ দুৰ-দুৰণিৰ পৰা অহা ৰাইজৰ উপস্থিতিয়ে অধিক উৎসাহিত কৰিলে আয়োজক বৃন্দক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *