নুমলীগড়ত এদল সচেতন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ, বনাঞ্চলৰ মাজত কলগছ ৰুই হাতীৰ বাবে খাদ্য যোগান

কাজিৰঙা লাইভ, নুমালীগড়, ২০ নৱেম্বৰ: নুমলীগড়ত এদল সচেতন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ । যি সময়ত হাতী-মানুহৰ সংঘাতত প্ৰাণ হেৰুৱাইছে বহু জনে, যি সময়ত গৃহ হাৰা হৈছে বহু পৰিয়াল সেই সময়ত হাতী-মানুহৰ সংঘাত ৰোধৰ প্ৰয়াসেৰে নুমলীগড়ত হাতীৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ প্ৰচেষ্টা চলাইছে এদল সচেতন যুৱকে ৷ নুমলীগড়ৰ কাষৰীয়া বিজুলী বনাঞ্চলৰ মাজত কলগছ ৰুই হাতীৰ বাবে খাদ্য যোগান ধৰিছে যুৱকৰ দলটোৱে ।
কৃষকৰ সোণালী সপোন সোণগুটি চপোৱাৰ সময় এয়া ৷ কিন্তু তেনে সময়তে নুমলীগড়ত বন্যহস্তীয়ে উপদ্ৰৱ চলাই বিঘাই-বিঘাই ধাননি পথাৰ নষ্ট কৰিছে ৷ যাৰ বাবে কৃষকৰ মাজত হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । উল্লেখ্য, যধে-মধে গছ-বন কাটি বনাঞ্চল ধ্বংস কৰাৰ বাবে অভাৱ ঘটিছে বন্য হস্তীৰ খাদ্য তথা বাসস্থানৰ ৷ ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত । যাৰ বাবেই নুমলীগড় অঞ্চলত চলি অহা হস্তী-মানুহৰ সংঘাত ৰোধৰ এক প্ৰয়াস হিচাপে বন্যহস্তীৰ খাদ্যৰ বাবে এতিয়া নুমলীগড়ৰ কাষৰীয়া ফলঙনি আৰু মুৰফুলনীৰ এদল সচেতন যুৱক এনেদৰেই ওলাই আহিছে বনাঞ্চলৰ মাজত কলগছ ৰুবলৈ । আজি বিজুলী বনাঞ্চলত প্রায় ২০০ জোপাৰো অধিক কলগছ ৰুই হাতীৰ প্ৰতি থকা প্ৰেমৰ উৎকৃষ্ট নিদৰ্শনৰ প্ৰদৰ্শন কৰিছে । যুৱকদলৰ আহ্বান মানৱজাতিয়ে হাতীক আক্ৰমণ কৰি আঘাত প্ৰাপ্ত নকৰি যোগান ধৰক হাতীক খাদ্য আৰু তেতিয়াই ৰোধ হব হাতী মানুহৰ সংঘাত ।

Leave a Reply

Your email address will not be published. Required fields are marked *