কিৰণ ফাউণ্ডেচনে বিদেশী পৰ্যটকক পৰিচয় কৰালে অসমৰ এৰি-মুগাৰ সৈতে

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ নৱেম্বৰ :
পৰ্যটকৰ আগমণত মুখৰিত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৷ জীপ ছাফাৰী, হাতী ছাফাৰী কৰি কাজিৰঙাৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰি আপ্লুত প্ৰতিজন দেশী-বিদেশী পৰ্যটক । ইয়াৰ মাজতে কাজিৰঙাত উপস্থিত হয় আমেৰিকাৰ ১২ জনীয়া এটা দল ৷ উল্লেখ্য যে অসমৰ কিৰন ফাউণ্ডেচন নামৰ মহিলা সৱলীকৰণৰ বাবে বিশেষকৈ মাজুলীত কাম কৰি অহা সংস্থাটোৰ আমন্ত্ৰণ ক্ৰমে কাজিৰঙাত উপস্থিত হোৱা দলটোৱে ক্ৰয় কৰে অসমৰ এৰী মুগা, মিছিং জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহণীয়া শিল্প কলাসমুহ৷ কিৰণ ফাউণ্ডেচনৰ উদ্যোক্তা অংগনা বৰদলৈয়ে কয় যে জুলাই মাহত মেস্কিক’ চহৰত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল ফল্ক আৰ্ট মাৰ্কেট চমুকৈ IFAM ত অসমৰ লগতে মাজুলীৰ বিভিন্ন জনগোষ্ঠীয় সাজপাৰৰ ওপৰত এক প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল ৷ আমেৰিকাৰ মেস্কিক’ চহৰত সেই অনুষ্ঠানত উপস্থিত থকা এই দলটোৱে অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজ-পোছাক তথা কলা সংস্কৃতি দেখি আপ্লুত হৈ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমনৰ উদ্দেশ্য কৰি উপস্থিত হয় কাজিৰঙাত ৷ দলটোৱে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা দৰ্শনৰ লগতে অসমৰ বিহু নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *