কাজিৰঙাৰ ৰাজপথত গাড়ী চলাওঁতে সাৱধান

৪০ কিঃমিঃ পথ চি চি কেমেৰা নীৰিক্ষণত থাকিব বন বিভাগৰ

নিউজ ডেস্ক,কাজিৰঙা লাইভ,১৯ নৱেম্বৰ :
কাজিৰঙাত অধিক সক্ৰিয় ৰূপত বন বিভাগ ৷ ৰাজপথত তীক্ষ্ণ দৃষ্টি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত উদণ্ড চালকক নাকী লগাবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।বনবিভাগে শেহতীয়াকৈ গ্ৰহন কৰা ব্যৱস্থাত পথটোত ঘণ্টাত ৪০ কি:মি: ত কৈ অধিক গতিত যান বাহন চলালে চালকে গম নোপোৱাকৈয়ে সাঙুৰ খাই পৰিব বন্যপ্ৰাণী আইন উলংঘাৰ অভিযোগত ৷জৰিমনা ভৰিব লাগিব পাঁচ হাজাৰ টকা ৷কাৰণ ৰাষ্ট্ৰীয় পথটোৰ ছটা স্থানত বন বিভাগ স্থাপন কৰিব কেমেৰা ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ ছটা কৰিড’ৰত স্থাপন কৰা কেমেৰাত বন্দী হ’ব ৰাষ্ট্ৰীয় পথটোৰে যাতায়ত কৰা প্ৰতিখন যান বাহনৰ গতি বেগ ৷ যানবাহন সমূহৰ গতিবেগ পৰ্যবেক্ষন কৰা হ’ব কম্পিউটাৰাইজ ছিষ্টেমত। গতিকে ঘণ্টাত ৪০ কি:মি: তকৈ অধিক গতিত চলা যানবাহন চিনাক্ত কৰি তাৰ তথ্য বন বিভাগে দাখিল কৰিব পৰিবহন বিভাগত ৷ পৰিবহন বিভাগে বাহন খনৰ পৰা পাঁচ হাজাৰ টকা জৰিমনা আদাই কৰি জমা দিব বনবিভাগক ৷ ইতিমধ্যে কাঞ্চন জুৰিৰ ক’ৰিডৰত এনে কেমেৰা সংস্থাপন কৰা আছে যদিও সেয়া যথেষ্ট নহয় বুলি মত প্ৰকাশ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ৷ গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা পথটোত থকা নটা কৰিড’ৰৰ ভিতৰৰ ছটা কৰিড’ৰত কেমেৰা সংস্থাপনৰ কাম আৰম্ভ কৰিছে বন বিভাগে ৷উল্লেখ্য যে বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ গতি কৰে ৷বানৰ সময়ত বৃদ্ধি পাই ইয়াৰ সংখ্যা ৷এনে অৱস্থাত তীব্ৰ বেগী যানবাহনৰ খুন্দাত নিহত হয় বহু বন্যপ্ৰাণী ৷ গতিকে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় পথচোৱাত যানবাহনৰ গতিবেগ ৪০ কি:মি: কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷এই নিৰ্দেশ অৱমাননা কৰিলে পাঁচ হাজাৰ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিছে সেউজ প্ৰাধিকৰণে ৷ইতিপূৰ্বে যানবাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ বনবিভাগে স্পিড ব্ৰেকাৰ ,বেৰিকেড আদিৰ যোগেদি যানবাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে যদিও সফল হ’ব পৰা নাই ৷ গতিকে ১৬ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ যোগেদি কেমেৰা সংস্থাপন কৰিব বিছাৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *