নগৰ উন্নয়ণ মন্ত্ৰী অতুল বৰাৰ নিজ সমষ্টিৰ নগৰত স্বচ্ছ ভাৰত অভিযানৰ শৰাধ

কাজিৰঙা লাইভ, বোকাখাত, ১৯ নৱেম্বৰ: বোকাখাতত স্বচ্ছ ভাৰত অভিযানৰ শৰাধ পাতিছে চৰকাৰ- প্ৰশাসনে ৷ কৃষিৰ লগতে নগৰ উন্নয়ণৰ দায়িত্বত থকা স্থানীয় বিধায়ক তথা মন্ত্ৰীৰ অতুল বৰাৰ গৃহ সমষ্ঠিৰ বোকাখাত পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ কদৰ্যময় পৰিবেশে চকু কপালত তুলিছে সচেতন মহলৰ ৷ অতি ব্যস্ত এই ৪ নং ৱাৰ্ডৰ পথটিত আছে ৫ খন বিদ্যালয়, ৫ টা চৰকাৰী কাৰ্যালয়, অন্যান্য কেইবাটও অনুস্থান প্ৰতিষ্ঠানৰ উপৰিও বোকাখাতৰ কেইবাখনো গাঁৱৰ সংযোগ স্থলী এই পথটিৰ অৱস্থা দেখিলে সকলোৱে কব চৰকাৰী ধন আৰু আঁচনিৰ শৰাধ কেনেকৈ কৰিছে সোনোৱাল চৰকাৰে ৷ স্বচ্ছ ভাৰত অভিযানে ঢুকি নোপোৱা বোকাখাতৰ এই ৰাজপথটিৰে বাগৰিছে পদ পথৰ নলাৰ পানী ৷ গোন্ধত থাকিব নোৱাৰা হৈছে স্থানীয় লোকৰ লগতে পদযাত্ৰী সকল ৷ নাকত কাপোৰ লৈহে পাৰ হব লগা হয় পদযাত্ৰা কৰা লোকসকল ৷ জুৰি সদৃশ হৈ পৰা পথটিৰ বাবে বন্ধ কৰিব লগা হৈছে বহু ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ স্থানীয় লোকে বহুবাৰ প্ৰশাসনক অভিযোগ কৰিও সু-ফল নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *