শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত পৰীক্ষাগাৰ মুকলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ১৯ নবেম্বৰ: বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত আজি এটা অত্যাধুনিক পৰীক্ষা গাৰ মুকলি কৰে। পৰীক্ষাগাৰটোত তেজৰ বিভিন্ন পৰীক্ষা তথা আন পৰীক্ষা সমূহৰ বিনামূলীয়া সেৱা থাকিব। বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে আনুষ্ঠানিকভাবে উদ্বোধন কৰে পৰীক্ষাগাৰটো। মহকুমা স্বাস্থ্য বিষয়া চিকিৎসক ভাৰত ফুকনে আত ধৰা অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ দাস, সমাজকৰ্মী জিৱেশ্বৰ হাজৰিকা, সংবাদ কৰ্মী সকল উপস্থিত থাকে । আনহাতে, বোকাখাতৰ মহকুমা অসামৰিক চিকিৎসালয়খনৰ নতুন ভৱনৰ কাম প্ৰায় ৮০ শতাংশ সমাপ্ত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *