কলিয়াবৰৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পঁয়ালগা ৰূপ। এটা কোঠাত পাঁচটাকৈ শ্ৰেণী।

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৯ নৱেম্বৰ: কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং নিজ চিলাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাই উদঙাইছে ৰাজ্যৰ শিক্ষা বিভাগৰ পঁয়ালগা স্বৰূপ । জুপুৰি সদৃশ বিদ্যালয় খনত এটা শ্ৰেণী কোঠাত পাঠদান কৰে ৫ টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক । ১৯৮০ চনতে স্থাপিত হোৱা এই বিদ্যালয় খন ২০১৩ চনতে চৰকাৰী কৰণ হৈছিল । কিন্তু আজি পৰ্যন্ত অনুমোদন পোৱা নাই বিদ্যালয়ৰ ভৱন । যাৰ ফলত শিক্ষক সকলে ছাত্র ছাত্ৰীক পাঠদান কৰাবৰ বাবে চৰম অসুবিধাৰ সন্মুখীন হৈছে। শ্ৰেণী কোঠাত ছাত্ৰ- ছাত্ৰী বহিবলৈ নাই পৰ্যাপ্ত পৰিমাণৰ ডেক্স-বেঞ্চ। ডেক্স – বেঞ্চৰ অভাৱ হোৱা হেতুকে এযোৰ ডেক্স – বেঞ্চতে পাঠদান কৰিব লগা হৈছে দুটাকৈ শ্ৰেণীৰ ছাত্র ছাত্ৰীক । যি সময়ত শিক্ষা বিভাগে বিদ্যালয়ৰ ভৱন আধুনিকীকৰণ কৰাৰ লগতে ছাত্ৰ -ছাত্ৰীক নানা ধৰণৰ সুবিধা দিয়াৰ কথা কৈ ঢাক-ঢোল বজাইছে ঠিক সেই সময়তে কলিয়াবৰৰ ২ নং নিজ চিলাবন্ধা প্ৰাথমিক বিদ্যালয় খনৰ দুৰৱস্থাই উদঙাইছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপটো ।

Leave a Reply

Your email address will not be published. Required fields are marked *