বোকাখাতৰ যুৱকক যোৰহাটত মৰিয়াই হত্যা

কাজিৰঙা লাইভ, বোকাখাত, ১৯ নৱেম্বৰঃ বোকাখাতৰ এজন যুৱকক যোৰহাটৰ তৰাজানত মৰিয়াই আহত কৰাৰ পাছত সোমবাৰে তেওঁৰ GNRC ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ যুৱকজনৰ পৰিয়ালে এগৰাকী বোৱাৰীয়ে পৰিকল্পিত ভাৱে যুৱকজনক হত্যাৰ অভিযোগ কৰি যোৰহাট আৰক্ষীক এজাহাৰ দাখিল কৰিছে৷ বোকাখাতৰ মিলনপুৰৰ ঘৰৰ পৰা হাঁহি মুখে যোৰহাটৰ কৰ্মস্থানলৈ ওলায় যোৱা অনুপম কলিতা সোমবাৰে নিশা উভটি আহিল মৃতদেহ হৈ ৷ কৰ্মসূত্ৰে যোৰহাটৰ তৰাজানৰ ভাড়া ঘৰত থকা অনুপমক ১৩ নবেম্বৰৰ সন্ধ্যা প্ৰায় ৮-৩০ বজাত ফোনযোগে কোনো অজ্ঞাত লোকে মাতি আনি মৰিয়াই মৰিয়াই মূমূৰ্ষ অৱস্থাত পথত পেলাই থৈ যায় ৷ অনুপমৰ মাতৃ দিপ্তী কলিতাই উক্ত দিনাই যোৰহাট আৰক্ষীক এজাহাৰ দাখিল কৰে ৷ এজাহাৰত মাতৃয়ে পৰিস্মৃতা শইকীয়া বৰা নামৰ বোৱাৰী এগৰাকী আৰু তেওঁৰ ভাতৃ প্লাৱনজ্যোতি শইকীয়াক হত্যাকাণ্ডত জড়িত হোৱাৰ অভিযোগ কৰিছে ৷ অনুপমৰ ভগ্নীয়ে কৰা অভিযোগ মতে কিছুদিন পূৰ্বে পৰিস্মৃতাৰ স্বামী খটখটি আৰক্ষী থানাত কৰ্মৰত বিপুল বৰা,পৰিস্মৃতাৰ ভাতৃ প্লাৱনজ্যোতি, পৰিস্মৃতাৰ আন এজন বন্ধু পাৰ্থ আৰু পৰিস্মৃতাৰ পিতৃয়ে পৰিয়ালক অনুপমক হত্যা কৰাৰ ভাবুকি দিছিল ৷ তাৰোপৰি অনুপমৰ ফেচবুক একাউন্ট তেওঁ কমাত থকাৰ পাছতো আৰু আৰক্ষী থানাত মোবাইল জমা থকাৰ পাছতো সক্ৰিয় হৈ থকাত হত্যাকাণ্ডই আন এক ৰহস্যৰ সৃষ্টি কৰিছে ৷ এতিয়া সকলোৰে প্ৰশ্ন যোৰহাট আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰি দোষীক শাস্তি দিব পাৰিবনে?

Leave a Reply

Your email address will not be published. Required fields are marked *