কমাৰগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, বােকাখাতৰ প্রবীণ সাংবাদিক বাবুলাল ম’ৰ, বােকাখাতৰ প্রদ্যুত মহন্ত, মৰঙিৰ প্রিয়ংদ্বীপ কাকতিক বঁটা প্রদান

কাজিৰঙা লাইভ, বোকাখাত, ১৭ নৱেম্বৰ: গােলাঘাট জিলাৰ বােকাখাত মহকুমাৰ অধীনৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলত ন-কৈ জন্ম লাভ কৰা কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাৱৰ উদ্যোগত ১৬ আৰু ১৭ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে। উল্লেখ্য যে, প্ৰেছ দিৱসৰ সংগতি ৰাখি ১৬ নৱেম্বৰৰ পুৱাৰ প্রথম কার্যসূচী পতাকা উত্তোলন কৰে কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাবৰ সভাপতি চন্দ্রকান্ত দাসে। স্মৃতি তর্পন কার্যসূচী ৰূপায়ন কৰে কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাবৰ কার্যকৰী সভাপতি হেমেন চন্দ্ৰ হাজৰিকাই। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ সম্পাদিকা ৰীণা কটকীয়ে। ১৭ নবেম্বৰত কমাৰগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হােৱা দ্বিতীয় দিনৰ প্রথম কার্যসূচী ছাত্র-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হােৱা চিত্রাংকণ প্রতিযােগিতাখনি শুভাৰম্ভ কৰে কমাৰগাঁও চিত্রকলা বিদ্যালয়ৰ অধ্যক্ষ প্রতাপ বৰাই। ইয়াৰ পিছত আৰম্ভ হােৱা মুকলি সভাখনি এটি কবিতা আবৃত্তিৰে শুভাৰম্ভ কৰে মহুৰামুখ জাতীয় বিদ্যালয়ৰ ছাত্রী অর্পিতা লইঙে। সভাখনিত সভাপতিত্ব কৰে কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাবৰ সভাপতি চন্দ্রকান্ত দাসে। সভাখনিৰ উদ্দেশ্য বাখ্যা কৰে কমাৰগাঁও আঞ্চলিক প্রেছ ক্লাবৰ সম্পাদক ৰিন্টু দুৱৰাই। আদৰণী ভাষণ প্রদান কৰে কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি হেমেন চন্দ্ৰ হাজৰিকাই। সভাখনি শুভ উদ্ধোধন কৰে বাদুলিপাৰ সাংবাদিক সংস্থাৰ প্রতিষ্ঠাপক সভাপতি পবিত্ৰ বৰবৰাই। মুখ্য অতিথি ৰূপে অংশ লৈ নিজস্ব ভাষণত এক সাৰুৱা আৰু তত্ত্ব গধুৰ বক্তব্য প্রদান কৰে আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়াই ৷ নিদিষ্ট বক্তা ৰূপে অংশ লৈ খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ তাপস বৰবৰাই কয় যে সমাজৰ অন্যতম চালিকা শক্তি সাংবাদিক সকল। সভাত আমন্ত্রিত অতিথি ৰূপে অংশ লৈ ভাষণ প্রদানকৰে গোলাঘাট জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰশ্মি কাকতি আৰু মধ্য মহুৰা গাঁও পঞ্চায়তৰ সভাপতি তেজস্বী ফুকনে। বিশিষ্ট অতিথি ৰূপে অংশ লৈ বক্তব্য প্রদান কৰে মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ ভূঞা, মেলামৰা জুনিয়ৰ কলেজৰ অৱসৰ প্রাপ্ত অধ্যক্ষ অজিত কুমাৰ শইকীয়া আৰু বােকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই। ইফালে মুকলি সভাতেই কমাৰগাঁও আঞ্চলিকপ্রেছ ক্লাৱে বৃহত্তবটৰ কমাৰগাঁও অঞ্চল তিনিজন সংবাদকর্মীৰ সোঁৱৰণত প্ৰৱৰ্তন কৰা ক্ৰমে কমাৰগাঁও অঞ্চলৰ প্রথম গৰাকী সংবাদসেৱক “সুৰেন বৰুবা সোঁৱৰণী প্রবীন সংবাদসেৱা বঁটা -২০১৯” প্রদান কৰে বােকাখাতৰ জ্যেষ্ঠ সাংবাদিক বাবুলাল ম’ৰক। “সাগৰ বৰা” সোঁৱৰণী গ্রাম্য সাংবাদিকতা বঁটা (বৈদ্যুতিন মাধ্যম) ২০১৯” বােকাখাতৰ প্রদ্যুত মহন্তলৈ আৰু “প্রতাপ হাজৰিকা সোঁৱৰণী গ্রাম্য সাংবাদিকতা বঁটা (ছপা মাধ্যম)-২০১৯” মৰঙীৰ প্রিয়ংদ্বীপ কাকতিক প্রদান কবে কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাৱে। ইফালে বােকাখাতৰ মহকুমাৰ তথ্য আৰু জনসংযােগ বিষয়া মামুন বৰকটকীক বিশেষ সম্বর্ধনা জনায় কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাৱে। বঁটাপ্রাপক আৰু সম্বর্ধিত সকলক গামােচা, চেলেং, সঁফুৰা, স্মাৰক, গ্রন্থৰ টোপােলা, সম্বর্ধনা পত্ৰ আদি প্রদান কৰে। সভাতেই চিত্রাংকন প্রতিযােগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰে। সভাত কমাৰগাঁও গুৰুকুল একাডেমিৰ শিক্ষার্থী তুহিন শইকীয়া, ৰিমজিম লইং, সৃষ্টিপ্রিয়া গগৈয়ে সত্ৰীয়া নৃত্য,ৰীণা কটকীয়ে কবিতা আবৃত্তি, দীপক বৰুৱাই গীত পৰিবেশন, চয়নিকা সোণোৱাল, হিমাঞ্চল শইকীয়া, চন্দ্র মায়া ছেত্রী ববিতা ৰাজখােৱাৰ নেতৃত্বত নৃত্য পৰিবেশন কৰি সৌস্তভ বৃদ্ধি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed