কাজিৰঙা মহাবিদ্যালয়ৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন, সতীৰ্থ কাজিৰঙীয়ানৰ সম্ভাৱনা বঁটা-১৯ প্ৰদান

নিউজ ডেস্ক, কাজিৰঙা লাইভ,১৭ নৱেম্বৰ :
২০১০ চনত স্থাপন হোৱা কাজিৰঙা মহাবিদ্যালয়ে অতিক্ৰম কৰিলে সাফল্যৰ নটা বৰ্ষ ৷ ভৰি দিলে দশম বৰ্ষৰ জখলাত ৷ সেই উদ্দেশ্য হাতত লৈ উদুলি মুদুলি হৈ পৰে কাজিৰঙা কলেজৰ বাকৰি ৷ কাজিৰঙা মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু অভিভাৱক মঞ্চৰ সহযোগত বৃহত্তৰ কাজিৰঙা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কাজিৰঙা মহাবিদ্যালয়ৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠান অতি ধুম ধামেৰে উদযাপন কৰা হয় । কাজিৰঙা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে পৰিচালনা কৰি থকা বেচৰকাৰী কাজিৰঙা মহাবিদ্যালয়ে আজি নটা বৰ্ষ পূৰ্ণ কৰে । ন বছৰ পূৰ্বে ২০১০ বৰ্ষৰ  আজিৰ দিনটোত সেই সময়ৰ বোকাখাতৰ বিধায়ক জিতেন গগৈৰ প্ৰচেষ্টাত তথা স্থানীয় ৰাইজ , বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানৰ সহযোগত কাজিৰঙাৰ দিৰিঙত কাজিৰঙা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল । আজি বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা , প্ৰাক্তন বিধায়ক জিতেন গগৈ , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ  আদিৰ উপস্থিতিত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে নৱম বষৰ্পুৰ্তি অনুষ্ঠান অনুষ্ঠিত হয় । আজি পুৱা কাজিৰঙা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাতুল ৰাজখোৱাই পতাকা উত্তোলন,  বন্তি প্ৰজ্বলন সমাজকৰ্মী দীপক গগৈ,  স্মৃতি তৰ্পণ দেৱপ্ৰদীপ বৰা আৰু সমাজকৰ্মী অনিমেষ শইকীয়াই গছ পুলি ৰোপণ কৰাৰ পিছত কাজিৰঙা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাতুল ৰাজখোৱাৰ সভাপতিত্বত এক মুকলি সভা অনুষ্ঠিত হয় । ৰুপজ্যোতি শইকীয়া  গগৈয়ে আত ধৰা অনুষ্ঠানত কাজিৰঙা মহাবিদ্যালয়ৰ অধক্ষ্য হেমচন্দ্ৰ বৰাই আদৰণি ভাষণৰ পিছত  মহাবিদ্যালয়খনৰ জন্মলগ্নৰ পৰা লাগি থকা সমাজকৰ্মী অনিমেষ শইকীয়াই  কাজিৰঙা মহাবিদ্যালয় কি পৰিস্থিতি আৰু প্ৰয়োজনত  প্ৰতিষ্ঠা হল তাৰ বিষয়ে বক্তব্য আগবঢ়ায় । সভাত বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা  কাজিৰঙা মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি  জিতেন গগৈ আজিৰ  সভাত উপস্থিত থাকি কাজিৰঙা মহাবিদ্যালয়ৰ মুখপত্ৰ “প্ৰজ্ঞাদূত” উন্মোচন কৰি কয় আন্দোলন কৰি সময় নষ্ট কৰাৰ পৰিবৰ্তে নিজৰ কাম কৰি যাব লাগে । অসম আন্দোলনত বহু সময় নষ্ট হল এতিয়া নাগৰিক সংশোধনী বিধেয়কলৈ পুনৰ আন্দোলন কৰি সময় নষ্ট নকৰিবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান জনায় । কাজিৰঙা যিহেতু পৰ্যটন ব্যৱসায়ৰ স্থান গতিকে কাজিৰঙা মহাবিদ্যালয়ত টুৰিজিম এন্ড সস্পিলেটি বিভাগ খুলিবলৈ মহাবিদ্যালয় কৰ্ত্তৃপক্ষক পৰামৰ্শ আগবঢ়ায় প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে । ইফালে বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা সভাত উপস্থিত থাকি কাজিৰঙাত এখন মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা আছে বুলি কয় । ইতিমধ্যে মহাবিদ্যালয়খনৰ উন্নয়ণৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা আৰ্থিক অনুদান দিয়া  হৈছে ,ভবিষ্যতে আৰু অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ইফালে আজিৰ অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকলে “সতীৰ্থ কাজিৰঙীয়ান”ৰ উদ্যোগত কাজিৰঙা মহাবিদ্যালয়ৰ কবিতা গোস্বামী আৰু তঞ্জু গগৈক শ্ৰেষ্ঠ ছাত্ৰী হিচাপে নিৰ্বাচিত কৰি “সম্ভাৱনা বটাঁ” প্ৰদান কৰে । উল্লেখ্য যে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ আৰু বাহ্যিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়োৱা বটাঁ প্ৰতিবছৰে প্ৰদান কৰি যাব সতীৰ্থ কাজিৰঙীয়ানে ৷ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰথম আৰু দ্ধিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত আজি এই বঁটা কৃষিমন্ত্ৰী অতুল বৰাই প্ৰদান কৰে ৷এই বটাঁত একোখনকৈ গামোচাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় ৷ সতীৰ্থ কাজিৰঙীয়ানৰ বিষয়ববীয়া তথা মহাবিদ্যালয়ৰ প্ৰথম সাধাৰণ সম্পাদক প্ৰাণহৰি ফুকনে কয় যে ভূমিষ্ঠ হোৱাৰে পৰা জীৱনৰ অন্তিম দিনলৈকে শিক্ষা মানৱ জীৱনৰ এক যতি বিহীন শৃঙ্খল স্বৰূপ ৷জন্ম -মৃত্যুৰ মাজৰ খিনি সময়ৰ প্ৰতিটো খোজতে আহৰণ কৰা শিক্ষাৰ দ্বাৰা একোজন হ’ব পাৰে অভিজ্ঞতা পুষ্ট জ্ঞান সমৃদ্ধ ব্যক্তিত্বৰ অধিকাৰী ৷এই ব্যক্তিত্ব কেৱল শ্ৰেণী কোঠাৰ চাৰিবেৰৰ মাজত আহৰণ কৰা শিক্ষাৰ মাজতে সীমাবদ্ধ নহয় ৷ সবল ব্যক্তিত্বৰ অধিকাৰী হ’বলৈ ছাত্ৰাৱস্থাৰ পৰাই সজকৰ্মৰ যোগেদি সমাজত নিজকে প্ৰতিস্থা কৰাৰ মানসিকতাৰ প্ৰয়োজন ৷ছাত্ৰ জীৱনৰ শিক্ষা,অভিজ্ঞতাই ভূমিকা গ্ৰহন কৰে জীৱনৰ দিশ নিৰ্ণায়কৰ ৷গতিকে প্ৰকৃত দিশত আগবাঢ়ি যাবলৈ শিক্ষা আহৰণৰ লগতে শিক্ষানুষ্ঠানৰ বাহিৰে ভিতৰে শিক্ষাৰ্থী সুলভ আচৰণেৰে সামাজিক বাতাবৰণ সুস্থ কৰি ৰখাত অংশীদাৰ হোৱাটোও প্ৰয়োজন ৷সুস্থ সামাজিক বাতাবৰণে মন মগজুক দিয়া ইতিবাচক চিন্তাৰ খোৰাকী সুদুৰ প্ৰসাৰী ৷ ইয়াৰোপৰি স্নাতক পঞ্চম ষান্মাষিকৰ দুয়োগৰাকী বটাঁপ্ৰাপকক উদ্দেশ্য কৰি তেও কয় যে কাজিৰঙা মহাবিদ্যালয়ৰ এজন ছাত্ৰ বা ছাত্ৰী হিচাবে মহাবিদ্যালয় খনৰ বাহিৰে ভিতৰে দুয়োগৰাকীৰ মাজত প্ৰতিফলিত হৈছে শিক্ষাৰ্থীৰ মান ৰাখি শিক্ষাৰ মাজেৰে অভিজ্ঞতা বুটলি সমাজ গঢ়াৰ এক আদৰ্শৰ সম্ভাৱনা ৷ সতীৰ্থ কাজিৰঙীয়াৰ এই প্ৰচেষ্টাক মন্ত্ৰী অতুল বৰাৰ লগতে উপস্থিত সকলোৱে শলাগ লয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *