কলিয়াবৰৰ কাঞ্চনজুৰিত পথ দুৰ্ঘটনা

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৭ নৱেম্বৰ: কলিয়াবৰৰ কাঞ্চনজুৰিত পথ দুৰ্ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা ট্ৰাকত খুন্দা যাত্ৰী বাহি টাটা মেজিকৰ । কুঠৰিৰ পৰা জখলাবন্ধা অভিমুখি আছিল টাটা মেজিক খনে কাঞ্চনজুৰিত পথত ৰৈ থকা ট্ৰাকখনত খুন্দা মৰাৰ ফলত আহত হয় কেইবাজনো যাত্ৰী । আহত যাত্ৰী সকলক বাগৰি আৰক্ষীয়ে ১০৮ সেৱাৰ জৰিয়তে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ট্ৰাক খনৰ নম্বৰ AS 01 BC 2160 আৰু টাটা মেজিক খনৰ নম্বৰ AS 02 CC 0450 বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *