মদমুক্ত মহিলা বাহিনীৰ তৎপৰতা:দেৰগাৱঁ‌ৰ লালি গুৰ ব্যৱসায়ী গ্ৰেপ্তাৰ:বৃহৎ পৰিমাণৰ লালি গুৰ জব্দ

মৰঙীৰ পৰা ৰন্টু বৰা, কাজিৰঙা লাইভ, ১৫ নৱেম্বৰ: আজি অসম মদমুক্ত দাবী সমিতিৰ অন্তৰ্গত ৰঙামাটি মদমুক্ত মহিলা বাহিনীৰ সভানেত্ৰী মুন্তি ৰৱি দাস আৰু সম্পাদিকা ৰীনা কৰ্মকাৰৰ নেতৃত্বত মহিলা বাহিনীৰ এক দলে অভিযান চলাই দেৰগাৱঁ‌ৰ লালি গুৰ ব্যৱসায়ী লাল চন্দ আগৰৱালাৰ লালি গুৰৰ গুদামৰ পৰা বৃহৎ পৰিমাণৰ লালি গুৰ জব্দ কৰি গুৰ সহ ব্যৱসায়ী জনক দেৰগাঁও আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে, বিষাক্ত লালি গুৰেৰে প্ৰস্তুত হোৱা চুলাই মদ সেৱন কৰাৰ ফলতেই গোলাঘাটৰ শালমৰাকে ধৰি অসমৰ কেইবা ঠাইতো বহু লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছতো এই ব্যৱসায়ী জনে এনেদৰে এই ব্যৱসায় চলাই আহিছিল। মদমুক্ত দাবী সমিতিৰ তৎপৰতাত এই কুখ্যাত ব্যৱসায়ী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাটো ৰঙামাটিৰ মদমুক্ত মহিলা বাহিনীৰ বাবে এক বিশেষ সফলতা হিচাবে অভিহিত হৈছে । লালি গুৰৰ বিৰোদ্ধে আজি মহিলা সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আগলৈ যাতে কোনেও এনে ব্যৱসায় কৰিবলৈ সাহস নকৰে তাৰ বাবে সকিয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *