কাজিৰঙাত জানুৱাৰীত অনুষ্ঠিত হব “কাজিৰঙা মহোৎসৱ”

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ নৱেম্বৰ: বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় লোকৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰস্থল কহঁৰাত ৫,৬,আৰু ৭ জানুৱাৰী ২০২০ ত অনুষ্ঠিত হ’ব কাজিৰঙা মহোৎসৱ ৷ আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ত মহকুমা প্ৰশাসন আৰু স্থানীয় লোক তথা দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুস্থিত এখন সভাত এই কথা প্ৰকাশ কৰে মহকুমাধিপতি বিবেক শ্যামে ৷ মহকুমাধিপতি গৰাকীয়ে লগতে প্ৰকাশ কৰে যে কাজিৰঙা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ যাওঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে বাবে যাতে কোনো অসুবিধা নহয় তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি কহঁৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দিশতহে কাৰ্যসূচী সমূহ অনুষ্ঠিত কৰা হ’ব ৷ তদুপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অগৰাতলি বনাঞ্চল এলেকাকো কাজিৰঙা মহোৎসৱত সামৰি দাঁতি কাষৰীয়া এলেকাতো অনুষ্ঠিত কৰা হ’ব দুই এক অনুষ্ঠান ৷ মহকুমাধিপতি গৰাকীয়ে লগতে উল্লেখ কৰে যে কাজিৰঙা মহোৎসৱ অনুষ্ঠিত কৰাত সহযোগিতাৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ লগত যোগাযোগ কৰা হৈছে ৷ আজিৰ সভাত গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেণ হাজৰীকাক সভাপতি আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামক সম্পাদক হিচাবে লৈ এখন মূল সমিতি গঠন কৰাৰ লগতে স্থানীয় লোকক লৈ কেইবাখনো উপসমিতি গঠন কৰা হয় ৷ সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুুমাৰ উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *