বোকাখাতত উদ্ধাৰ নিৰুদিষ্ট মহিলাৰ মৃতদেহ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ নৱেম্বৰ: যোৱা ২৯ অক্টোবৰৰ ঘটনা ৷ বোকাখাত কুৰুৱাবাহীৰ ভাটি শিঙাদৰীয়াৰ ধনশিৰি নদীত এক নাও দুৰ্ঘটনা সংঘটিত হৈছিল ৷ ছয়জনীয়া দলটোৰ নিৰু দাস নামৰ মহিলাগৰাকী সেই দিনাৰ নাও দুৰ্ঘটনাত পতিত হৈ নিৰুদ্দেশ হৈ আছিল ৷ এন ডি আৰ এফৰ জোৱানে দুদিন অভিযান চলাই নিৰু দাসৰ সম্ভেদ উলিয়াব নোৱাৰি অভিযান সমাপ্ত কৰিছিল ৷ এদিন দুদিনকৈ ওঠৰ দিন পাৰ হ’ল ৷ নিৰু দাসৰ কোনো সম্ভেদ নোলাল ৷ পৰিয়ালৰ লগতে স্থানীয় সকলোৱে নিৰু দাসক জীৱিত অৱস্থাততো বাদেই মৃতদেহটোও বিচাৰি পাব বুলিও আশা কৰা নাছিল ৷ কিন্তু সুদীৰ্ঘ ওঠৰ দিনৰ মূৰত নিৰু দাসৰ মৃতদেহ শুক্ৰবাৰে কুৰুৱাবাহী মিছামৰীয়া গাঁৱৰ সমীপৰ ধনশিৰি নদীত এটা উলঙ্গ আৰু গলিত মৃতদেহ উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় লোক সকলে বোকাখাত আৰক্ষীক খবৰ দিয়াৰ লগতে পৰিয়ালৰ লোককো খবৰ দিয়াত পৰিয়ালৰ লোকে মৃতদেহটো নিৰু দাসৰ মৃতদেহ বুলি চিনাক্ত কৰে ৷ সলিল সমাধি ঘটা নিৰু দাস নামৰ মহিলা গৰাকীৰ মৃতদেহ পাছত বোকাখাত আৰক্ষীয়ে উদ্ধাৰ উদ্ধাৰ কৰে ৷ ঘটনা সংঘটিত হোৱাৰ দিনৰ পৰা অৰ্থাৎ যোৱা ২৯ অক্টোবৰত সংঘটিত হোৱা নাও দুৰ্ঘটনাত নাওখনত থকা ছয়জনীয়া দলটোৰ নিৰু দাস নামৰ মহিলা গৰাকী নিৰুদ্দেশ হৈ আছিল ৷ সুদীৰ্ঘ ১৮ দিনৰ মূৰত শুক্ৰবাৰে উদ্ধাৰ হয় নিৰু দাসৰ মৃতদেহ ৷ মৃতদেহ দেখি পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠিছে ৷ ইতিমধ্যে বোকাখাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *