বোকাখাতত হ’ব মাছৰ শীত-তাপ নিয়ন্ত্ৰিত বজাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ নৱেম্বৰঃ
২০২১ চনৰ ভিতৰত বোকাখাতৰ মাছৰ বজাৰ শীত-তাপ নিয়ন্ত্ৰিত হব ৷ বৃহস্পতিবাৰে বোকাখাতৰ মাছৰ বজাৰ পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে মীন বিভাগৰ সঞ্চালকে ৷ মাছৰ বজাৰ পৰিদৰ্শনৰ লগতে কৃষিমন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা আৰু APRAT ৰ সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মা সহ এটা দলে বোকাখাতৰ মীন পালন কেন্দ্ৰটিও পৰিদৰ্শন কৰে ৷ প্ৰায় অৱহেলিত হৈ নগৰৰ মাজমজিয়াত থকা কেন্দ্ৰটো মাছৰ পোনা উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব মীন বিভাগে বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *