গোলাঘাটৰ মৰঙীত বন্য হস্তী আৰু মানুহৰ সংঘাতৰ ওপৰত সজাগতা সভা

কাজিৰঙা লাইভ, মৰঙী, ১৪ নৱেম্বৰঃ মৰঙী মৌজাত বন্য হস্তীৰ উপদ্ৰৱ ৰোধ,বন্য হস্তী আৰু মানুহৰ সংঘাত সন্দৰ্ভত মৰঙী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত এক সজাগতা সভা অনুষ্ঠিত হয়। প্ৰ্কৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই সজাগতা সভাত সভাপতিত্ব কৰে প্ৰকৃতিপ্ৰেমী উত্তম শইকীয়াই।আঁ‌তধৰে আৰণ্যকৰ নিৰঞ্জন ভূঞাই।সভাত হাতী আৰু মানুহৰ সংঘাত উপশমৰ ওপৰত সজাগতামূলক গঠনমূলক বক্তব্য ৰাখে প্ৰকৃতিপ্ৰেমী বিভূতি প্ৰসাদ লহকৰ দেৱ,গোলাঘাট জিলাৰ সহ আয়ুক্ত মিতালী চৌধুৰী,১৭ নং মৰঙী জিলা পৰিষদৰ জিলা সদস্যা পূৰৱী শৰ্মা,মৰঙী ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰ,গোলাঘাটৰ শীৰ্ষ বনবিষয়া আদিয়ে।সভাত মৰঙী মৌজাৰ গাওঁবুঢা সকল,ৰাইজ,গাওঁ ৰক্ষী বাহিনীৰ বিষয়-ববীয়া সকলো উপস্থিত থাকে। লক্ষণীয় বিষয় এই যে যিমানেই সজাগতা সভা অনুষ্ঠিত নকৰক কিয় মৰঙী অঞ্চলত প্ৰতিদিনে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাই অহাৰ ফলত ৰাইজ যথেষ্ট শংকিত হৈ পৰিছে। যোৱা দুদিন একেৰাহে মুৰ ফুলানী বাগান গাৱঁ‌ত বন্যহস্তীৰ বৃহৎ জাক এটাই গোটেই ৰাতি খেতি-পথাৰ বিনষ্ট কৰি ৰাইজৰ মাজলৈ দূৰ্দশা নমাই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *