কাজিৰঙাৰ “এথেনিক ভিলেজ”ত অনিয়ম। জান- জুৰি পুতি বন্ধ কৰিছে বন্যপ্ৰাণীৰ অহা যোৱা পথ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ নৱেম্বৰ: কাৰ্বি আংলঙ স্বায়ত্ত্ব শাসিত পৰিষদে কাজিৰঙাত নিৰ্মাণ কৰা এথেনিক ভিলেজ খনৰ চৌহদত বিভিন্ন সময়ত চলি থকা অসামাজিক কাৰ্য্য কলাপৰ অভিযোগ বহু দল সংগঠনে বহুবাৰ উত্থাপিত কৰি আহিছে। এইবাৰ উত্থাপিত হৈছে আন এটা অভিযোগ- এথেনিক ভিলেজ খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ মতে, এথেনিক ভিলেজ কৰ্তৃপক্ষই ভিলেজ খনৰ পাছফালে থকা এটা জুৰি পুতি পেলোৱাৰ লগতে সেই জুৰিত পানী খাবলৈ অহা বন্যজন্তুক বাধা দিবলৈ নিৰ্মাণ কৰিছে এখন পকী দেৱাল। প্ৰাকৃতিক ভাৱে বহু বছৰ আগতে সৃষ্টি হোৱা জুৰিটো পহু, গাহৰি, নাহৰফুটুকী বাঘ আদিয়ে তৃষ্ণা নিবাৰণ বাবে ব্যৱহাৰ কৰি আহিছে। তালৈ অহা বন্যপ্ৰাণী সমূহক বাধা দিবৰ বাবে ব্যক্তিগত খণ্ডই এথেনিক ভিলেজ খন লোৱাৰ পাছতেই জুৰিটোৰ সীমাত নিৰ্মাণ কৰিছে এখন পকী দেৱাল। আনহাতে, সেই জুৰিটোৰ কাষত নতুন গৃহ নিৰ্মাণৰ বাবে মাটি পেলোৱাৰ ফলতো ক্ৰমাৎ পোত যাব ধৰিছে জুৰিটো। উল্লেখ্য যে ২০০৭ চনত কাৰ্বিআংলঙ স্বায়ত্ত্ব শাসিত পৰিষদে কাজিৰঙাৰ কাৰ্বিআংলঙ জিলাৰ ডলামৰা থানৰ অন্তৰ্গত কঁহৰা এলেকাত নিৰ্মাণ কৰিছিল এথেনিক ভিলেজ ৷ কাৰ্বি আংলঙ জিলাত বসবাস কৰা ১১ টা জনগোষ্ঠীৰ পৰম্পৰাগত আবাস গৃহৰ আৰ্হিত পৰ্যটক নিবাস নিৰ্মান কৰি পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল কাৰ্বিআংলঙ স্বায়ত্ব শাসিত পৰিষদে ৷ কিন্তু আটক ধুনীয়াকৈ নিৰ্মান কৰা এই এথেনিক ভিলেজখন বৰ্তমান নিশেষ হোৱাৰ পথত ৷ কাৰণ ভিলেজখন উদ্ধোধন কৰাৰ পাছতে দায়িত্ব সামৰি পিঠি দিলে স্বায়ত্ত্ব শাষিত পৰিষদে ৷ ইয়াৰ পাছতে ভগ্নপ্ৰায় অৱস্থালৈ গতি কৰা এথেনিক ভিলেজখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি ডিফুৰ এজন ব্যৱসায়ীৰ হাতত গতাই দিয়ে । এতিয়া দল-সংগঠনৰ দাবী এথেনিক ভিলেজ কৰ্তৃপক্ষই অতি শীঘ্ৰে সেই অঞ্চলত থকা সীমাৰ দেৱাল খন ভঙাৰ লগতে বন্যপ্ৰাণীৰ বাবে পুনৰ জুৰিটো মুকলি কৰাৰ ব্যৱস্থা কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *