প্ৰয়াত শিক্ষক বিপিন হাজৰীকালৈ অভিভাৱকহীন কাজিৰঙাবাসীৰ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ নৱেম্বৰ :
মানৱ জীৱনৰ মুল্যায়ন হয় কৃতকৰ্মৰ জৰিয়তে ৷ দীৰ্ঘ জীৱনৰে নহয় ৷ এই কথাষাৰৰ সত্যতা প্ৰতিপন্ন কৰি ২০১৮ চনৰ ১৩ নৱেম্বৰত এই সংহাৰ ত্যাগ কৰিছিল কাজিৰঙাবাসীৰ অভিভাৱক,নাট্যকাৰ, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিপিন হাজৰীকাই ৷ তেখেত প্ৰকৃতাৰ্থত এজন নিষ্ঠাবান কৃতি শিক্ষক আছিল ৷ বৰ্তমানৰ শিক্ষানুষ্ঠানসমুহত অতি কমেইহে এনে শিক্ষাগুৰু পোৱা যায় ৷ তেখেত আছিল অসীম মনোবলৰ অধিকাৰী ,অফুৰন্ত জ্ঞানৰ ভঁড়াল ,আত্মত্যাগী ,আলোক সন্ধানী,উদ্যোগী আৰু কঠোৰ পৰিশ্ৰমী ৷মৃত্যু এটা শাশ্বত আৰু কৰুণতম শব্দ ৷ এই পৃথিৱীৰ সকলো প্ৰাণীৰে এদিন জন্ম হলে মৃত্যু হবই ৷কবিৰ মতে ,”মৃত্যুও এটা শিল্প , জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য ৷”এই মৃত্যু কৰুণ,বেদনাদায়ক আৰু হৃদয়বিদাৰক ৷ ইয়াক বাধা দিব পৰা শক্তি কাৰোৱে নাই ৷তেখেতৰ মৃত্যুৱে সকলোৰে অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিছিল ৷প্ৰয়াত হাজৰীকাদেৱৰ অতি মৰমৰ মাতষাৰ আৰু স্নেহভৰা দাবী-ধমকিবোৰ এতিয়া মানস পটত স্মৃতি মাথোন ।প্ৰথম বাৰ্ষিকী মৃত্যু তিথিৰ পৱিত্ৰ সোৱৰণত তেখেতৰ আত্মাই বৈকুণ্ঠত স্থিতি সকলোৰে যেন আশীষ হৈ থাকে তাকে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই কাজিৰঙাবাসী ৰাইজে ৷ আনহাতে কাজিৰঙাবাসীৰ মাজৰ পৰা হেৰাই যোৱা এক সম্পদ বিপিন হাজৰীকাদেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকীত কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমুহ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলোৱে বন্তি প্ৰজ্বলন কৰি তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনায় ৷ ইফালে কাজিৰঙা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকলৰ একতাৰ অনুষ্ঠান “সতীৰ্থ কাজিৰঙীয়ান”ৰ উদ্যোগত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ সতীৰ্থ কাজিৰঙীয়ান সদস্যসকলে কয় যে সময় বোৱতী নৈ ৷ সময় কাৰো বাবে নাথাকে ৰৈ৷ সময়ে কাকো ক্ষমা নকৰে ৷সময় হল সদ্য হাস্যবদন মানুহজন গুচি গল ৷হঠাতে গুচি গল সংগোপনে ৷কাকো নকলে ৷মাত লগাবলৈ সময় নহল ৷ শ্ৰদ্ধাৰ হাজৰীকা ছাৰ গুচি গল একেবাৰে…ঘুৰি অহাৰ প্ৰতিশ্ৰুতি নিদিয়াকে ৷ ইয়াৰোপৰি কাজিৰঙা দিৰিং চাৰিআলি ব্যৱসায়ী সন্থাইও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, শ্ৰদ্ধাৰ হাজৰীকা ছাৰ, কাজিৰঙাৰ দুস্প্ৰাপ্য মহীৰূহ যাৰ বিশালতা ভূমিৰ পৰা গগণলে প্ৰসাৰিত হৈছিল ৷কিছুমান মানুহে নিঃস্বাৰ্থভাৱে সমাজ গঢ়ে,অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ে ৷ পৰৰ দোষ কমকৈ দেখে বেছিকৈ গুণহে দেখে ৷ জীৱনৰ উৎকৃষ্ট সময়খিনি কাজিৰঙাবাসী ৰাইজৰ বাবে তেখেতে উৎসৰ্গা কৰে ৷ একেদৰে কাজিৰঙা মহাবিদ্যালয়,সদৌ টাই আহোম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাজিৰঙা আঞ্চলিক, কাজিৰঙা বচাগাওঁ যুৱ বৃন্দই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰি মত প্ৰকাশ কৰে যে শিক্ষাদানক জীৱনৰ ব্ৰত ৰূপে লোৱা, সমাজকৰ্মী, নাট্যকাৰ, এজন সুস্থিৰ ভাৱাদৰ্শৰ বিপিন হাজৰীকাৰ দৰে ব্যক্তিৰ অভাৱ এই সমাজে পদে পদে উপলদ্ধি কৰিব ৷সুযোগ্য পুত্ৰবধু,জী- জোঁৱাই ,ভাগিন -ভতিজাৰে পৰিপুৰ্ণ এটি পৰিয়ালৰ মুৰব্বীৰ অভাৱ পৰিয়ালে অনুভৱ কৰিব ৷ এটি মৰমীয়াল হৃদয়ৰ, পৰিপাটী, নিকা মনৰ মানুহজন কেৱল তেওঁৰ বংশ পৰিয়ালৰে নহয় সমাজৰো এজন আদৰ্শনীয় ব্যক্তি আছিল ৷গীত এটি হেৰায় গলেও,থাকি যায় কেৱল বীণৰ তাঁৰত বাজি থকা এটা কৰুণ সুঁৰ ৷ আৰু এতিয়া কাজিৰঙাবাসী সেই সুৰতে বন্দী ৷ আনহাতে প্ৰয়াত শিক্ষকজনৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক মনোজ প্ৰতিম শইকীয়াই ৷ ছাত্ৰ জনে একক প্ৰচেষ্টাত বিদ্যালয়ৰ চৌপাশত বন্তি প্ৰজ্বলন কৰি কয় যে আত্মাৰ জন্ম আৰু মৃত্যু নাই ৷আত্মা সদায় অজন্ম,অন্তহীন,শাশ্বত ৷শৰীৰৰ মৃত্যু হয় কিন্তু আত্মা অজৰ- অমৰ ৷ সেয়ে পাৰ্থিব শৰীৰৰ মৃত্যু মানেই আত্মাৰ বিনাশ নুবুজায় ৷ পিছে এই সত্যক উপলব্ধি কৰিব পাৰিও মানুহে বাস্তৱ জীৱনত ইয়াক মানি লবলৈ কঠিন হৈ পৰে ৷সেয়েহে শ্ৰদ্ধাৰ বিপিন হাজৰীকা অতি আপোন হৈ পৰিছিল কাজিৰঙাবাসীৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *