আৰম্ভ হ’ল কাজিৰঙা সন্ধ্যা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ নৱেম্বৰ: ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙাত আজি শুভাৰম্ভ কৰা হয় লোক সাংস্কৃতিক অনুষ্ঠান “কাজিৰঙা সন্ধ্যা“ ৷ উল্লেখ্য, কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকৰ মনোৰঞ্জনৰ লগতে অসমৰ থলুৱা সংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে ২০১৬ বৰ্ষত আৰম্ভ কৰা হৈছিল কাজিৰঙা সন্ধ্যা নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ ৷ কাজিৰঙাৰ ১ নং কহঁৰা পাৰিপাৰ্শ্বিক উন্নয়ণ সমিতিৰ উদ্যোগত তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত ২০১৬ চনত আৰম্ভ কৰা সাংস্কৃতিক অনুষ্ঠানটিয়ে দেশী-বিদেশী পৰ্যটকৰ বিপুল সঁহাৰিৰ মাজেৰে তিনিটা বৰ্ষ অতিক্ৰম কৰি ভৰি দিলে ৪ৰ্থ বৰ্ষত । আজি কাজিৰঙাৰ কহঁৰাস্থিত বন বিভাগৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰত কৰা শুভাৰম্ভ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী পি শিৱকুুমাৰ আৰু পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী (বন্যপ্ৰাণী) ৰমেশ গগৈ উপস্থিত থাকে। বন বিভাগৰ উচ্চপদস্থ বিষয়া দুগৰাকীয়ে কাজিৰঙা সন্ধ্যাৰ উদ্যোক্তা আৰু শিল্পী সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷।লগতে অনুষ্ঠানটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সহযোগ আগবঢ়াব বুলি মন্তব্য কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *