চিকন থানৰ তোৰণ উন্মোচন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ নৱেম্বৰঃ এজন কোটি টকীয়া দানবীৰ ৷ বোকাখাতৰ মহুৰাৰ এগৰাকী ব্যক্তিয়ে এতিয়ালৈকে বিভিন্ন নামঘৰত প্ৰায় কোটি টকাৰ বৰঙণি প্ৰদান কৰি দানবীৰ উপাধি লাভ কৰিছে ৷ ব্যক্তিজনৰ নাম ৰবীন ডেকা ওৰফে দুল ৷ মহুৰা হাঁহচৰাৰ এইজন লোকে বোকাখাতৰ প্ৰায় ১২ নামঘৰলৈ দান স্বৰূপে আগবঢ়াইছে কোটি টকাৰ সম্পদ ৷ শূণ্যৰ পৰা জীৱন আৰম্ভ কৰা দুলে হাঁহচৰা নামঘৰৰ তোৰণ আৰু নামঘৰভাগ নিৰ্মাণ কৰি দিয়াৰ লগতে ঐতিহাসিক শ্ৰী শ্ৰী চিকন আতা থানৰো মূল তোৰণভাগ প্ৰদান কৰিছে ৷ ১০ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তোৰণখন আজি উন্মোচন কৰে শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী হৰিদেৱ গোস্বামীয়ে ৷ শ্ৰী শ্ৰী মাহৰা গোমোঠা সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থকা অনুস্থানত গড়মূৰীয়া সত্ৰাধিকাৰে দুলৰ এই কাৰ্যৰ শলাগ লয় ৷ কুৰুৱাবাহীৰ দুলাল বৰাই নিৰ্মাণ কৰা তোৰণ ভাগ দুলে প্ৰয়াত পিতৃ আৰু মাতৃৰ নামত উৎসৰ্গা কৰিছে ৷ জীৱিত কালত আৰ্থিক দুৰৱস্থাৰ বাৰে পিতৃ- মাতৃক প্ৰতিপালন কৰিব নোৱাৰা দুলে এনেকৈয়ে পিতৃ মাতৃক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছে বুলি প্ৰকাশ কৰিছে ৷ মৃত্যুৰ পাছতো পিতৃ- মাতৃৰ নাম জীয়াই ৰখাৰ বাবে দুলে যি পদক্ষেপ গ্ৰহণ কৰিছে সি অনুকৰণীয় ৷ তোৰণ উদ্ধোধনৰ পাছতেই থানত এক ধৰ্মালোচনী সভা অনুষ্ঠিত হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *