কলিয়াবৰত নিশা পথ দুৰ্ঘটনা। এজন নিহত।

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৩ নৱেম্বৰ: ৰাস উৎসৱৰ আনন্দ উৎসৱৰ মাজতে কলিয়াবৰত শোকাবহ পথ দুৰ্ঘটনা । মঙ্গলবাৰে নিশা এক পথ দুৰ্ঘটনাত কৰুণ ভাবে মৃত্যুক সাবতে বৰালি গাওঁৰ পৰাগ বৰা নামৰ যুৱকজনে । ৰাস উৎসৱ উপভোগ কৰি AS 12 X 6706 নম্বৰৰ স্কুটিৰে ঘৰলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় যুৱকজন। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নগাওঁ দিশত ৰৈ থকা AS 06 AC 9301 নম্বৰৰ ট্ৰাক খনত পিছফালৰ পৰা খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো। 108 সেৱাৰে জখলাবন্ধা চিকিৎসালয়লৈ নিয়াৰ পথত পৰাগ বৰাৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *