ভাৰতীয় সেনা বাহিনীৰ সামাজিক দায়বদ্ধতা ৷ মহিলা সৱলীকৰণত আদৰ্শণীয় পদক্ষেপ গ্ৰহণ

কাজিৰঙা লাইভ, কলিয়াবৰ, ১২ নৱেম্বৰ: সম্প্ৰতি ভাৰতীয় মহিলাক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে ভাৰতীয় সেনা বাহিনীয়ে হাতত লৈছে কেতবোৰ উন্নয়নমূলক আঁচনি ৷ এনে আঁচনিৰ জৰিয়তে মহিলা সৱলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে ৷ সামাজিক অপাৰেচন সদভাৱনাৰ অধীনত ভাৰতীয় সেনা বাহিনীয়ে মহিলা সকলৰ মাজত বিতৰণ কৰিলে অত্যাধুনিক চিলাই মেচিন। কলিয়াবৰৰ বাগৰি স্থিত ভাৰতীয় সেনা বাহিনীৰ শিখ ৰেজিমেন্টৰ ৰেড হৰ্ন ডিভিজনৰ কৰ্নেল মনিষ কোঠাৰীয়ে কলিয়াবৰৰ সমীপবৰ্তী ৰংবং ৱে গাঁৱৰ মহিলা সকলৰ মাজত আজি ১২ টা চিলাই মেচিন বিতৰণ কৰে । এই চিলাই মেচিন বিতৰণ অনুষ্ঠানত সেনা বাহিনীৰ মেজৰ মনোজকে ধৰি বহু কেইগৰাকী সেনা বিষয়া উপস্থিত থাকে। মহিলা সকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত ভাৰতীয় সেনা বাহিনীয়ে অপাৰেচন সদভাৱনাৰ অধীনত এনে কাৰ্যসূচী হাতত লোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰংবংৱে গাওঁবাসীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *